/asomiyapratidin/media/media_files/2026/01/28/7-2026-01-28-17-42-45.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ গ্ৰামীণ স্ব-নিয়োজন শিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত গ্ৰাম্য যুৱক, যুৱতী-মহিলাসকলক স্বাৱলম্বী কৰি তোলা আৰু কাৰিকৰী দিশত পাৰ্গত কৰি তোলাৰ অৰ্থে বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়। ধুবুৰীৰ গ্ৰামীণ স্ব-নিয়োজন শিক্ষন প্ৰতিষ্ঠান চৌহদত সৌন্দৰ্য চৰ্চা, মৌ পালন, উদ্যোগীৰণৰ বিকাশকে ধৰি কেবাটাও বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়।
উদ্যোগীৰণৰ বিকাশৰ ওপৰত ২২ জন আৰু মৌ পালনৰ ওপৰত ১৩ জন যুৱক-যুৱতীকে ধৰি সৌন্দৰ্য চৰ্চাৰ ওপৰত ৩৫ জন মহিলাক প্ৰশিক্ষণ দিয়া হৈছে। ইপিনে ধুবুৰীৰ গ্ৰামীণ স্ব-নিয়োজন শিক্ষন প্ৰতিষ্ঠান ৰ ছান্দিপ বৰো কে ধৰি ফেকাল্টী দেৱদত্ত চাকী আৰু বিভিন্নজনে প্ৰশিক্ষণ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us