বৃন্দাবন ছুপাৰ মাৰ্ট : এমাহৰ পূৰ্বে বন্ধু বংকিমে ৩৫ লাখ টকা দিছিল জুবিন গাৰ্গক, বাকী হিচাপ দিব গৰিমাক

জুবিন গাৰ্গে নিয়ম অনুসৰিয়েই গণেশ ৰায় মেধিৰ লগত টকা- পইচাৰ লেন-দেন কৰিছিল। সেই সম্পৰ্কত জুবিন গাৰ্গৰ বন্ধু তথা ব্যৱসায়ী বংকিম ৰায় মেধিয়ে কয়- জুবিন গাৰ্গে মোৰ লগত বেংকৰ জৰিয়তে প্ৰতিটো লেন-দেন কৰিছে। জুবিন গাৰ্গে মোৰ ওচৰত বিনিয়োগ কৰা পইচা কোটিৰ ওপৰত মোৰ লগত আছে।

author-image
Asomiya Pratidin
New Update
427

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিন গাৰ্গৰ বন্ধু তথা বৃন্দাবন থিয়েটাৰ আৰু বৃন্দাবন ছুপাৰ মাৰ্টৰ স্বত্বাধিকাৰী গণেশ ৰায় মেধি(বংকিম)য়ে। অসমীয়া প্ৰতিদিন ডিজিটেলৰে হোৱা টেলিফোনিক বাৰ্তালাপত গণেশ ৰায় মেধিয়ে প্ৰথমে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা আটাইকেইগৰাকী ব্যক্তিক আৰু তাৰ আঁৰত থকা লোকসকলক চৰকাৰে তাৎক্ষণিকভাৱে শাস্তিৰ ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায়। তদন্তৰ লেহেমীয়া গতি যাতে নহয় তাৰ বাবে জুবিন গাৰ্গৰ বন্ধু বংকিম ৰায় মেধিয়ে অনুৰোধ জনায়।

তেওঁ জুবিন গাৰ্গৰ যি সপোন, এই সপোন বাস্তৱত ৰূপায়িত কৰাৰ বাবে পথাৰ আমাৰ- বজাৰ আমাৰ মূলমন্ত্ৰৰে ৰুক্মিণীগাঁৱত ৰাইজক মাতি আনি বৃন্দাবন ছুপাৰ মাৰ্ট আৰম্ভ কৰাৰ কথা জনায়। তেওঁ কয়- দুৰ্ভাগ্যজনক কথা যে, ইয়াৰ পৰিচালনা সমিতিয়ে জুবিন গাৰ্গক যিখিনি ব্যৱহাৰ কৰিলে তাত দুখ পাইছো। ৰুক্মিণীগাঁৱৰ ঠাইখিনি কিছু সময়ৰ বাবে বিচৰাৰ কথাও জনাই তেখেতে। 

জুবিন গাৰ্গে নিয়ম অনুসৰিয়েই গণেশ ৰায় মেধিৰ লগত টকা- পইচাৰ লেন-দেন কৰিছিল। সেই সম্পৰ্কত জুবিন গাৰ্গৰ বন্ধু তথা ব্যৱসায়ী বংকিম ৰায় মেধিয়ে কয়- জুবিন গাৰ্গে মোৰ লগত বেংকৰ জৰিয়তে প্ৰতিটো লেন-দেন কৰিছে। জুবিন গাৰ্গে মোৰ ওচৰত বিনিয়োগ কৰা পইচা কোটিৰ ওপৰত মোৰ লগত আছে। সকলো তথ্য প্ৰমাণ বেংকৰ লগত আছে। আমাৰ চুক্তিপত্ৰও আছে। দুখনকৈ দলিল থকাৰ কথা উল্লেখ কৰি সময়ত প্ৰয়োজন হ’লে ৰাজহুৱা কৰিব বুলি তেওঁ কয়।

তেওঁ আৰু কয়- জুবিন গাৰ্গৰ কৃত্য কৰ্ম সম্পন্ন হোৱাৰ পাছতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ সৈতে বহি এই সম্পৰ্কত আলোচনা কৰিম। মই আৰু আনগৰাকী বন্ধু জয়ন্ত কাকতি গৰিমাৰ ওচৰত গৈ আমাৰ তাত থকা পইচা-পাতিৰ হিচাপ সকলো দাখিল কৰিম। ইতিমধ্যে জুবিন গাৰ্গক প্ৰায় এমাহ পূৰ্বে বন্ধু বংকিমে বৃন্দাবন ছুপাৰ মাৰ্টৰ ৩৫ লাখ টকা ঘূৰাই দিয়া বুলি কয়।

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰে বংকিম ৰায় মেধিক কোনো গোপনভাৱে হোৱা নাছিল টকা- পইচাৰ লেন-দেন। সকলো লেন-দেন নিয়মমতেই হৈছিল বুলি তেওঁ জনায়। ।

জুবিন গাৰ্গ