ফুৰিবলৈ যোৱা কন্যাক ঘৰলৈ আনিবলৈ গৈ সন্ধানহীন পিতৃ

ৰাজস্থানত ফুৰিবলৈ যোৱা কন্যাক ঘৰলৈ ঘূৰাই আনিবলৈ বুলি গৈ সন্ধানহীন হৈছে তিতাবৰ বচাবাৰী চাহ বাগিছাৰ বকলাজানৰ গোলাপ কৰ্মকাৰ নামৰ এজন ব্যক্তি। প্ৰায় ৪০ বছৰীয়া গোলাপ কৰ্মকাৰ ১২ নৱেম্বৰত মৰিয়নিৰ পৰা ট্ৰেইনেৰে ৰাজস্থানৰ লালগড় ষ্টেচনলৈ বুলি ৰাওনা হৈছিল।‌

author-image
Asomiya Pratidin
New Update
263

ডিজিটেল সংবাদ, তিতাবৰ : ৰাজস্থানত ফুৰিবলৈ যোৱা কন্যাক ঘৰলৈ ঘূৰাই আনিবলৈ বুলি গৈ সন্ধানহীন হৈছে তিতাবৰ বচাবাৰী চাহ বাগিছাৰ বকলাজানৰ গোলাপ কৰ্মকাৰ নামৰ এজন ব্যক্তি। প্ৰায় ৪০ বছৰীয়া গোলাপ কৰ্মকাৰ ১২ নৱেম্বৰত মৰিয়নিৰ পৰা ট্ৰেইনেৰে ৰাজস্থানৰ লালগড় ষ্টেচনলৈ বুলি ৰাওনা হৈছিল।‌

ৰাজস্থানত সম্পৰ্কীয় কোনো লোকৰ ঘৰত ফুৰিবলৈ গৈছিল তেওঁৰ ডাঙৰ কন্যা।‌ কন্যাক লগত লৈ পুনৰ ঘৰলৈ ঘূৰি অহা কথা আছিল গোলাপ। কিন্তু লালগড় ষ্টেচন গৈ পোৱাৰ পূৰ্বেই অৰ্থাৎ ১৪ নৱেম্বৰত ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে গোলাপ কৰ্মকাৰ।

অশেষ চেষ্টাৰ পিছতো গোলাপ কৰ্মকাৰৰ সৈতে কোনো যোগাযোগ কৰিব নোৱাৰি বৰ্তমান হাহাকাৰ কৰিছে পত্নী আৰু দুই কন্যাই।‌ দিন হাজিৰা কৰা গোলাপ কৰ্মকাৰ এনেদৰে সন্ধানহীন হোৱাত স্থানীয় গাঁওবাসীও অধিক চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে।

ট্ৰেইনত কোনো লোকে গোলাপক মাৰধৰ কৰা বুলিও পৰিয়ালৰ লোকক কোনোবাই  অৱগত কৰিছে। ঘটনাৰ পিছৰে পৰা বন্ধ হৈ আছে গোলাপৰ ফোন।

উপায়হীন দৰিদ্ৰ পৰিয়াটোৱে বৰ্তমান সহায় বিচাৰি মাধপুৰ, তিতাবৰ আৰক্ষীৰ লগতে মৰিয়নিৰ ৰে'লৱে আৰক্ষীকো অৱগত কৰিছে।‌ গোলাপৰ সন্ধান পালে 9957072867 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে। 

অসম আৰক্ষী তিতাবৰ