ডিজিটেল সংবাদ,বাক্সাঃ বিগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ সময়ত গাঁৱে-গাঁৱে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল প্ৰতিটো ৰাজনৈতিক দলে। একেদৰে ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ধৰমতলাত বিপিএফ দলৰ প্ৰাৰ্থী আগাষ্টুছ টিগ্গাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈছিল ।
সভাত ৰাইজৰ হৈ ভাষণ ৰাখি ধৰমতলাৰ কপিল দাসে বিগত সময়ত বিপিএফ দলৰ দোষ-ত্ৰুটি দাঙি ধৰি আগন্তুক দিনত পূৰ্বৰ ভুল পুনৰাই নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল। এয়াই কাল কপিল দাসৰ বাবে ।
বিপিএফৰ প্ৰাৰ্থী আগাষ্টুছ টিগ্গা জয়ী হ'ল। কিন্তু ধৰমতলাৰ ৰাইজে এঘৰীয়া কৰিলে কপিল দাসৰ পৰিয়ালটোক। এতিয়া ওচৰ-চুবুৰীয়াক মাতিবও নোৱাৰে কপিল দাসে। আনকি যোৱা লক্ষ্মী পূজাৰ চান্দা ঘূৰাই পঠোৱা হ'ল কপিল দাসৰ।
অস্পৃশ্যতাৰ এনে চূড়ান্ত নিদৰ্শন এতিয়া পৰিলক্ষিত হৈছে বাক্সাৰ মুছলপুৰ সদৰ থানাৰ অন্তৰ্গত ধৰমতলাত। কপিল দাসে বিচাৰিছে ন্যায়। ৰাইজৰ সৈতে থাকিব বিচাৰে তেওঁ। প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে কপিল দাসে ।
ৰাজহুৱা সভাত ৰাজনৈতিক দল সন্দৰ্ভত মন্তব্য কৰা বাবেই এঘৰীয়া হ'ল এটা পৰিয়াল
সভাত ৰাইজৰ হৈ ভাষণ ৰাখি ধৰমতলাৰ কপিল দাসে বিগত সময়ত বিপিএফ দলৰ দোষ-ত্ৰুটি দাঙি ধৰি আগন্তুক দিনত পূৰ্বৰ ভুল পুনৰাই নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল। এয়াই কাল কপিল দাসৰ বাবে...