/asomiyapratidin/media/media_files/2025/08/17/zxdzzx-2025-08-17-17-44-12.jpg)
ডিজিটেল সংবাদ শিলচৰঃ দেওবাৰে কাছাৰত গ্ৰেপ্তাৰ হল এটা ভুৱা আৰক্ষী। নিজকে আৰক্ষীৰ উপ পৰিদৰ্শক বুলি পৰিচয় দি বিভিন্ন জনৰ পৰা ধন আদায় কৰিছিল এই ভুৱা আৰক্ষীৰূপী প্ৰৱঞ্চকে। ধৃত প্ৰৱঞ্চক জনৰ নাম চামিদ হুছেইন বৰভুঞা।
কালাইন থানাৰ অন্তৰ্গত খেলমা চতুৰ্থ খণ্ডৰ এই প্ৰৱঞ্চকটোৱে আৰক্ষীৰ চালক পদত চাকৰি দিয়াৰ নামত বিভিন্ন জনৰ পৰা ধন আদায় কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/17/whatsapp-image-2025-08-17-17-44-36.jpeg)
লক্ষীপুৰ থানা এলেকাৰ ৰূপাই বালি এলেকাৰ পৰা ধন আদায় কৰাৰ অভিযোগ প্ৰৱঞ্চক জনৰ বিৰুদ্ধে। এই অভিযোগৰ কালাইন আৰক্ষীয়ে প্ৰৱঞ্চক চামিদ হুছেইন বৰভুঞাক গ্ৰেপ্তাৰ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/17/whatsapp-image-20-2025-08-17-17-44-57.jpeg)
ধৃত চামিদ হুছেইন বৰভুঞাৰ বিৰুদ্ধে BNS ধাৰাৰ 319(2)/318(2)/316(2)/112(2) অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us