মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ এখন পৰিত্যক্ত শ্মশান : নিৰ্মাণৰ দহ বছৰৰ পাছতো  নহ'ল মুকলি

বৃহত্তৰ কুৰুৱাবাহীৰ পৰঙ্গনীয়া, শিঙাদৰীয়া, ৰঙাগড়াকে আদি কৰি কেইবাখনো গাঁৱৰ মৃতদেহ সৎকাৰ কৰিব পৰাকৈ ২০১৪-১৫ বৰ্ষত সেই সময়ৰ বোকাখাতৰ কংগ্ৰেছী বিধায়ক অৰুণ ফুকনৰ কাৰ্যকালত জিলা পৰিষদৰ ধনেৰে কুৰুৱাবাহীৰ ধনশিৰি নদীৰ পাৰত স্থাপন কৰা হৈছিল শ্মশানখন।

author-image
Asomiya Pratidin
New Update
211

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাত সমজিলাৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন পৰিত্যক্ত শ্মশান। বৃহত্তৰ কুৰুৱাবাহীৰ পৰঙ্গনীয়া, শিঙাদৰীয়া, ৰঙাগড়াকে আদি কৰি কেইবাখনো গাঁৱৰ মৃতদেহ সৎকাৰ কৰিব পৰাকৈ ২০১৪-১৫ বৰ্ষত সেই সময়ৰ বোকাখাতৰ কংগ্ৰেছী বিধায়ক অৰুণ ফুকনৰ কাৰ্যকালত জিলা পৰিষদৰ ধনেৰে কুৰুৱাবাহীৰ ধনশিৰি নদীৰ পাৰত স্থাপন কৰা হৈছিল শ্মশানখন।

এখন আধুনিক শ্মশানত থাকিব পৰা প্ৰায় সকলোবোৰ সুবিধা উপলব্ধ কৰি কেইবাটাও পকী কোঠালিসহ নিৰ্মান কৰা হৈছিল শ্মশানখন। উক্ত অঞ্চলত বৰ্তমানলৈকে আন কোনো ৰাজহুৱা শ্মশান নথকাৰ বাবে আশা কৰা হৈছিল যে শ্মশানখনে যথেষ্ট উপকাৰ সাধন কৰিব কুৰুৱাবাহীবাসীক।

কিন্তু স্থাপনৰ ১০ বছৰৰ পাছতো ৰহস্যজনকভাৱে ব্যৱহাৰৰ বাবে মুকলি কৰা নহ'ল ৰাজহুৱা শ্মশানখন। ফলত হাবি জংঘলেৰে আবৰি বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে কেইবালাখ টকা চৰকাৰী ধন ব্যয় কৰি স্থাপন কৰা ৰাজহুৱা শ্মশানখন। ইফালে জনসংখ্যা বৃদ্ধি পায় অহাৰ লগে মুকলি মাটিবোৰো সংকোচিত হৈ অহাত মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ আহিছে উক্ত অঞ্চলটোত। বিশেষকৈ বাৰিষাৰ দিনত এই ক্ষেত্ৰত অধিক সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ।

উল্লেখ্য যে, পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৬ বৰ্ষৰ পৰা দুটাকৈ কাৰ্যকাল বোকাখাতৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছে কেবিনেট মন্ত্ৰী অতুল বৰা।‌ কিন্তু দুটাকৈ কাৰ্যকালটো মন্ত্ৰী গৰাকীৰ দৃষ্টিত নপৰিল পৰিত্যক্ত শ্মশানখন। আনকি এই ক্ষেত্ৰত কুৰুৱাবাহী পঞ্চায়তৰ তৰফৰ পৰাও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল।

ইফালে অঞ্চলবাসীয়ে জানিবলৈ দিয়া মতে দীৰ্ঘদিনৰ পৰা মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত গাঁওবাসীয়ে শ্মশানখনৰ কাষৰে আন এক হাবিতলীয়া ঠাই ব্যৱহাৰ কৰি আহিছে যদিও বাৰিষাৰ দিনবোৰত উক্ত ঠাই অসুবিধাজনক হৈ পৰে, সেয়ে শীঘ্ৰেই পৰিত্যক্ত শ্মশানখনত অন্যান্য সা-সুবিধা সংযোগ কৰি মুকলি কৰি স্থানীয় ৰাইজৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

অতুল বৰা