দুৰ্গত শিল্পীৰ সাহায্যৰ বাবে ১৬ আগষ্টত ‘ৰ’দালি’ৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়া

ৰ'দালি দৰ্শন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ন্যাসৰ উদ্যোগত জাগী ভকত গাঁৱৰ দুৰ্গত শিল্পীসকলৰ সাহাৰ্যাথে অহা ১৬ আগষ্টত এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
দুৰ্গত শিল্পীৰ সাহায্যৰ বাবে ১৬ আগষ্টত ‘ৰ’দালি’ৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়া

ডিজিটেল সংবাদ জাগীৰোডঃ ৰ'দালি দৰ্শন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ন্যাসৰ উদ্যোগত সীতা জখলা মইনা পাৰিজাত আৰু জীৱন জেউতি কৃষক সংঘ মৰিগাঁৱৰ সহযোগত বৃহত্তৰ জাগী ভকত গাঁও অঞ্চলৰ দুৰ্গত শিল্পীসকলৰ সাহাৰ্যাথে অহা ১৬ আগষ্টত এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰাপ্ত ধনৰাশিৰ পৰাই অঞ্চলটোৰ ছয়গৰাকী শিল্পীক স্বাস্থ্যৰ চিকিৎসা ব্যয়ৰ বাবদ প্ৰদান কৰা হ'ব। 

Advertisment

এই বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে। অনুষ্ঠানত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰামেশ্বৰ হাজৰিকা, জ্যেষ্ঠ অভিনেত্ৰী আমিনা বেগম, সুকণ্ঠী গায়িকা চিত্ৰা দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। 

অসমৰ বিশিষ্ট নাট আৰু বোলছবি পৰিচালক ৰাজেশ ভূঞাও অনুষ্ঠানত উপস্থিত থাকিব। ৰ'দালি দৰ্শনৰ সভাপতি লক্ষেশ্বৰ ডেকা, সম্পাদক যোগেন বৰদলৈ আৰু কোষাধ্যক্ষ মৃনাল মেধিয়ে জনোৱা মতে বৃহত্তৰ জাগী ভকত গাওঁ অঞ্চলৰ জ্যেষ্ঠ অভিনেত্ৰী জাগী গোহাঁই চকীৰ মিনতি দাস ভৰালী, সত্তৰ দশকৰ ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেত্ৰী ভকতগাঁৱৰ মনো ডেকা, বিশিষ্ট বাঁহী বাদক ছটাবৰীৰ প্ৰফুল্ল ডেকা, বড়ো লোকশিল্পী হাউলাভেটীৰ পৰেশ বড়ো, বিশিষ্ট তবলা বাদক তীখাবড়ীৰ জীতেন ডেকা আৰু লোকগীতৰ আখ্যান গায়ক দিবিকাৰ ভদ্ৰেশ্বৰ দাসক সাহায্যৰ লক্ষৰে আয়োজন কৰা এই সাংস্কৃতিক সন্ধিয়া জাগীভকত গাওঁ আঞ্চলিক দুৰ্গা পূজা মণ্ডপত সন্ধিয়াৰ পৰা আৰম্ভ হ'ব।

সাংস্কৃতিক অনুষ্ঠানত বিশেষ আকৰ্ষণ হ'ব দৰঙৰ নাঙেলী গীত,  ভজন,  লোকগীত, আইনাম,  যোৰানাম,  ভোৰতাল নৃত্য, চালি নৃত্য, ভজন, ভূপেন্দ্ৰ সংগীত আৰু প্ৰনৱ কুমাৰ বৰ্মনৰ কবিতাৰ আবৃত্তি। তাৰোপৰি থাকিব ধেমাজিৰ বন্তি সোণোৱালৰ গীত, দেৱজিত গোস্বামী আৰু দিব্যজ্যোতি চাংমাইৰ বেহেলা আৰু তবলাৰ যুগলবন্দী। এই সাংস্কৃতিক সন্ধিয়া খোলবাদ্যৰে আৰম্ভণি হৈ বিহুনৃত্যৰে সামৰণি পৰিব বুলি আয়োজকসকলে জনাইছে।

জাগীৰোড