আৰক্ষীৰ জালত এহাল প্ৰেমিক-প্ৰেমিকা

উদ্ধাৰ নগদ ১০ লাখ টকা সহ ১০ লক্ষাধিক টকাৰ সোনৰ অংলকাৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-22 at 4.57.22 PM

ডিডিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত সংঘটিত হৈ আহিছে বহু ডকাইতিকাণ্ডৰ ঘটনা। মানকাচৰতো সংঘটিত হৈছে এক  নাটকীয় ধৰ্ষণ আৰু ডকাইতি কাণ্ড। ঘটনাৰ বিৱৰণী মতে, ১৫ নৱেম্বৰৰ নিশা প্ৰায় ২ বজাত মানকাচৰৰ সোনাৰপাৰা গাঁৱৰ প্ৰয়াত ওৱাইদুলৰ ঘৰত এক নাটকীয় ধৰ্ষণ আৰু ডকাইতিৰ ঘটনা সংঘটিত হয়। প্ৰয়াত ওৱাইদুলৰ বিধৱা পত্নী প্ৰয়াত ভাতৃ ছাইদুল ইছলামৰ বিধৱা পত্নী সৈতে একেখন ঘৰতে বসবাস কৰে। ছাইদুলৰ বিধৱা পত্নীয়ে গোৱালপাৰাৰ প্ৰেমিক ৰহমত আলীৰ হতুৱাই ঘৰখনৰ পৰা নগদ ১০ লাখ টকা আৰু প্ৰায় ১০ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লুট কৰি ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰে। বিধৱা মহিলা জনীক ধৰ্ষণ কৰি টকা আৰু সোণৰ অংলকাৰ লুটি নিয়াৰ অভিযোগ তোলে ছাইদুলৰ বিধৱা পত্নীয়ে।

 উল্লেখ্য যে ঘটনাক লৈ ওৱাইদুলৰ বিধৱা পত্নী মিনা বেগম ১৬ নৱেম্বৰত মানকাচৰ থানাত এজাহাৰ দাখিল কৰে। মানকাচৰ আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই গোৱালপাৰাৰ ২ নং বলদমাৰী গাঁৱৰ নুৰ মহাম্মদৰ পুত্ৰ ৰহমত আলীক আটক কৰে। আৰক্ষীৰ সোধ-পোছত ৰহমত আলীয়ে নাটক ৰচনাকাৰী পৰিচালকৰূপী মহিলা প্ৰেমিকাৰ নাম প্ৰকাশ কৰে। নিজকে ধৰ্ষণ হোৱা বুলি ভুক্তভোগী সঁজোৱা ছাইদুলৰ বিধৱা পত্নীকো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। দুয়োক মানকাচৰ থানাত বৰ্তমান মাৰাথন জেৰা চলাই আছে। 

তাৰোপৰি বসবাস কৰা ঘৰখনৰ পৰা টকা আৰু সোণৰ অংলকাৰখিনি লুটি নিবলৈ আটকাধীন মহিলা গৰাকীয়ে এই ধৰ্ষণ আৰু ডকাইতিৰ নাটক ৰচনা কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে নগদ ধন ১০ লাখ টকাৰ লগতে প্ৰায় ১০ লক্ষাধিক টকাৰ সোণৰ অংলকাৰখিনিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লক্ষণীয় যে, ছাইদুল ইছলামে যোৱা ২০২১ চনত মৃত্যু মুখত পৰাৰ পাচত বিধৱা পত্নী গোৱালপাৰাৰ এই ডকাইতৰূপী প্ৰেমিক ৰহমতৰ সৈতে ২০২২ চনত আদালতৰ জৰিয়তে গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল। নিজে বসবাস কৰা ঘৰখনৰ পৰা টকা আৰু অলংকাৰ খিনি লুটি সংহাৰ পাতিবলৈ এই নাটক ৰচনা কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।

মানকাচৰ