জুবিন গাৰ্গৰ মৃত্যু : কামৰূপ মহানগৰ জিলা সাহিত্য সভাই লোৱা "শোক প্ৰস্তাৱ"পত্ৰ পত্নী গৰিমা গাৰ্গক প্ৰদান

মৰমৰ শিল্পী জুবিন গাৰ্গৰ‌ অকাল বিয়োগত অসম সাহিত্য সভাৰ অন্যতম পথিকৃৎ জিলা "কামৰূপ মহানগৰ জিলা সাহিত্য সভা"ই গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বাসগৃহলৈ গৈ ৰাজহুৱাভাৱে "শোক প্ৰস্তাৱ পত্ৰ" প্ৰদান কৰে

author-image
Asomiya Pratidin
New Update
12446r

ডিজিটেল সংবাদ, গুৱাহাটী : বৃহস্পতিবাৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ‌ অকাল বিয়োগত অসম সাহিত্য সভাৰ অন্যতম পথিকৃৎ জিলা "কামৰূপ মহানগৰ জিলা সাহিত্য সভা"ই গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বাসগৃহলৈ গৈ ৰাজহুৱাভাৱে "শোক প্ৰস্তাৱ পত্ৰ" প্ৰদান কৰে। নিজৰ কণ্ঠৰ যাদুৰে দেশে দেশে সমাদৰ লাভ কৰা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সাহিত্য সভাৰ পত্ৰৰ লগতে জীৱন কালতে অসম সাহিত্য সভাই প্ৰদান কৰা আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰা স্থিৰচিত্ৰ এখন গ্ৰহণ কৰে।

জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, সম্পাদক অৰুণ কুমাৰ মহন্ত, কৰ্ণধাৰ সমিতিৰ সদস্য ভূপেন্দ্ৰ চন্দ্ৰ শৰ্মা, তাহেৰ উদ্দিন আহমেদ, প্ৰচাৰ উপ-সমিতিৰ আহ্বায়ক দীপক শৰ্মা, সাংগঠনিক সম্পাদক ধনজিৎ তালুকদাৰ আৰু অখিল চন্দ্ৰ দাস, ৰামধেনু উপ-সমিতিৰ আহ্বায়ক আহ্বায়ক বিতুমণি গোস্বামী, আকাশৰ আহ্বায়ক মঞ্জু বৰা, অনুবাদ প্ৰকল্পৰ আহ্বায়ক কিৰণ দাস,‌ কুঁহিৰ সদস্যা দীপশিখা দত্ত প্ৰভৃতি পোন্ধৰ জনীয়া এটি দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

জুবিন গাৰ্গ