Advertisment

১৬ নং নমাটি যুৱ গোটৰ আদৰণীয় পদক্ষেপ : কাংথিলাংছৰ জলপ্ৰপাতৰ বুকুত চাফাই অভিযান

পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ডেনগাঁৱস্থিত কাংথিলাংছ পৰ্যটনস্থলীত ১৬ নং নমাটি যুৱ গোটৰ দ্ধাৰা বুধবাৰে চাফাই অভিযান তথা পৰিষ্কাৰ -পৰিচ্ছন্নতাৰ কাৰ্যসূচী হাতত লোৱা হয়

author-image
Asomiya Pratidin
New Update
SG

ডিজিটেল সংবাদ, হাওৰাঘাট : পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ডেনগাঁৱস্থিত কাংথিলাংছ পৰ্যটনস্থলীত ১৬ নং নমাটি যুৱ গোটৰ দ্ধাৰা বুধবাৰে চাফাই অভিযান তথা পৰিষ্কাৰ -পৰিচ্ছন্নতাৰ কাৰ্যসূচী হাতত লোৱা হয় । পৰ্যটনস্থলী আটকধুনীয়া কৰি তুলিবলৈ জলপ্ৰপাত কাংথিলাংছৰ বুকুত ইমূৰৰ পৰা সিমূৰলৈ যুৱ গোটৰ শ্ৰমদানেৰে আগন্তুক নৱাগতক আদৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে। 

Advertisment

গোটটোৱে "Clean and green is the Perfect dream " অৰ্থাৎ স্বচ্ছ আৰু সেউজীয়াই নিখুঁত সপোনেই হৈছে গোটৰ লক্ষ্য তথা মূল মন্ত্ৰ। এই মন্ত্ৰৰে লক্ষ-লক্ষ পৰ্যটকক আদৰণি জনাবলৈ এই কাম হাতত তুলি লোৱা বুলি জানিবলৈ দিয়ে । আনহাতে উক্ত কাৰ্যক্ৰমত নমাটি যুৱ গোটৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি তথা বৰ্তমানৰ উপদেষ্টা গপালছন টেৰণ, যুৱ গোটৰ বৰ্তমানৰ সভাপতি ব্ৰনছন টেৰাং, সম্পাদক মিন্দাৰ ৰংপি, কোষাধ্যক্ষ তপন টেৰণকে আদি কৰি যুৱ গোটৰ সমূহ বিষয়ববীয়াই সহযোগ কৰে । 

একেদৰে চাফাই অভিযানৰ অন্তিম পৰ্যায়ত এখনি আনুষ্ঠানিক সভাৰ জৰিয়তে কাংথিলাংছ পৰ্যটনস্থলীৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকক এখনি কাৰ্বি পহুৰে আদৰণী জনোৱা হয়। লগতে উক্ত চাফাই অভিযান কাৰ্যক্ৰম সফল ৰূপত ৰূপায়ণ কৰাত কিঞ্চিত পৰিমাণৰ হ’লেও সহায়ৰ হাত আগবঢ়োৱা কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদৰ পৰ্যটন আৰু জল সম্পদ বিভাগৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহি আৰু ডেনগাঁও নগৰ সমিতিৰ অধ্যক্ষ প্ৰদীপ ইংতিক গোটৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি -গপালছন টেৰণে সকলো সদস্যৰ হৈ আন্তৰিকতাৰে ধন্যবাদ জনোৱাৰ লগতে আগতীয়া বৰদিন আৰু নৱবৰ্ষ ২০২৫ ৰ প্ৰীতিভৰা শুভেচ্ছা জনায় ।

Haoraghat