/asomiyapratidin/media/media_files/2025/11/22/271-2025-11-22-17-17-08.jpg)
ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসাৰে উপচাই তুলিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে। ইয়াৰ বিপৰীতে বাংলাদেশ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক জনাইছে প্ৰত্যাহ্বান।
পুত্ৰ ছাজিদে ইউনুছক প্ৰত্যাহ্বান জনাই কয়- মোৰ মাক কোনেও হত্যা কৰিব নোৱাৰিব। আনকি তেওঁৰ মাকক হত্যা কৰা দূৰৈৰ কথা এবাৰলৈও চুই চাবও নোৱাৰে বুলি একপ্ৰকাৰ দাবী কৰে।
উল্লেখযোগ্য যে, বাংলাদেশৰ হাছিনা চৰকাৰৰ পতনৰ পাছতে দেশ এৰি পলায়ন কৰিছিল শ্বেইখ হাছিনা। ইয়াৰ পাছতে তেওঁ ভাৰতত আশ্ৰয় লৈছিল। ভাৰত তথা নৰেন্দ্ৰ মোডী চৰকাৰে হাছিনাক আশ্ৰয় প্ৰদান কৰি সহায় কৰাৰ বাবে শলাগ লৈছে তেওঁৰ পুত্ৰ ছাজিদে। তেওঁ কয় যে, ভাৰত তথা দেশবাসীৰ ওচৰত মই কৃতজ্ঞ। মোৰ মাক আশ্ৰয় প্ৰদান কৰাৰ বাবে সদায় কৃতজ্ঞ হৈ ৰ'ম।
প্ৰণিধানযোগ্য যে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে। ন্যায়াধিকৰণৰ এই সিদ্ধান্তৰ পিছতে শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে মহম্মদ ইউনুছৰ বিৰুদ্ধে গৰজি উঠে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us