/asomiyapratidin/media/media_files/2025/11/05/134-2025-11-05-12-47-11.jpg)
ডিজিটেল ডেস্ক : ৰোষত পৰিছে বলিউদৰ অভিনেতা তথা প্ৰযোজক ছলমান খান। অভিনেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলি কনজিউমাৰ ক’ৰ্টত আইনী ব্যৱস্থা গ্ৰহণ কৰিছে এগৰাকী অধিবক্তা তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতাই।
ৰাজস্থান উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপিৰ জ্যেষ্ঠ নেতা ইন্দৰ মোহন সিং হানীয়ে অভিনেতা ছলমান খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। কনজিউমাৰ ক’ৰ্ট দাখিল কৰা এই অভিযোগ পত্ৰত অভিনেতাগৰাকীয়ে পাণ মছলাৰ বিজ্ঞাপনত অংশ লোৱাৰ কথা উল্লেখ কৰিছে অধিবক্তা হানীয়ে। উল্লেখযোগ্য যে, অভিনেতা ছলমান খানে ৰাজশ্ৰী নামৰ এটি পাণ মছলাৰ বিজ্ঞাপনত অংশ লৈ ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। এই প্ৰচাৰ আৰু প্ৰসাৰ বিভ্ৰান্তিকৰ বুলি অভিযোগকাৰীয়ে এজাহাৰত উল্লেখ কৰিছে।
ইতিমধ্যে এই অভিযোগপত্ৰ দাখিল কৰাৰ পাছতে ন্যায়ালয়ে অভিনেতাগৰাকীৰ আনুষ্ঠানিক সহাঁৰি বিচাৰি এক পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us