/asomiyapratidin/media/media_files/2025/12/06/418-2025-12-06-14-59-53.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্রযুক্তিবিদ্যা বিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত ৬ ডিচেম্বৰ পুৱা ৯.৩০ বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা আয়োজন কৰা হয়। উক্ত সভাত ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা আৰু অসম ডন বস্ক’বিশ্ববিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক তাপসজ্যোতি কলিতা সমল ব্যক্তি হিচাপে উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-imag-2025-12-06-15-01-50.jpeg)
ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পৰা আই.টি.আই.ৰ বিভিন্ন ট্রেড আৰু পলিটেকনিকৰ তিনি বছৰীয়া বিভিন্ন ডিপ্লমা পাঠ্যক্রমৰ বিষয়ে আলোচনা কৰে। লগতে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয়বোৰ নিৰ্বাচন কেনেকৈ কৰিব লাগে আৰু উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য শাখা বা বৃত্তিমুখী শিক্ষা গ্রহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে শিক্ষাৰ্থীসকলে কিদৰে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে সেই বিষয়ে বিষদ বাখ্যা ড° বুঢ়াগোহাঁয়ে আগবঢ়ায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-15-02-16.jpeg)
পঢ়া-শুনা পৃথিৱীৰ আটাইতকৈ সহজ কামবোৰৰ এটা বুলি তেওঁ উল্লেখ কৰে। শিক্ষাৰ্থীসকলক ‘পাখি মেলা সপোন’ৰ দৰে অনুপ্ৰেৰণামূলক গ্ৰন্থ পঢ়িবৰ বাবে ড°বুঢ়াগোহাঁয়ে আহ্বান জনায়। বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়ে তেওঁ উল্লেখ কৰে । ড°বুলজিৎ বুঢ়াগোহাঁয়ে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়ে অৱগত কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2-2025-12-06-15-03-04.jpeg)
জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চৰিফা আৰা আহমেদ আৰু আন শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থকা কৰ্মশালাখনত আনজন সমল ব্যক্তি তাপসজ্যোতি কলিতাই অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব পৰা বিভিন্ন পাঠ্যক্রমৰ বিষয়ে আলোচনা কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us