হেলেম আৰক্ষীৰ সাফল্য : মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতে বোকাখাটৰ পৰা উদ্ধাৰ চুৰি হোৱা বাইক

মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতে এখন চুৰি হোৱা বাইক বোকাখাটৰ পৰা উদ্ধাৰ কৰি সাফল্য অৰ্জন কৰিছে হেলেম আৰক্ষীয়ে। লগতে গ্ৰেপ্তাৰ কৰিছে উক্ত বাইক চুৰিৰে জড়িত বিশ্ব দাস(৩৮) নামৰ এজন বাইক চোৰক

author-image
Asomiya Pratidin
New Update
147

ডিজিটেল সংবাদ,গহপুৰ : মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতে এখন চুৰি হোৱা বাইক বোকাখাটৰ পৰা উদ্ধাৰ কৰি সাফল্য অৰ্জন কৰিছে হেলেম আৰক্ষীয়ে। লগতে গ্ৰেপ্তাৰ কৰিছে উক্ত বাইক চুৰিৰে জড়িত বিশ্ব দাস(৩৮) নামৰ এজন বাইক চোৰক।

উল্লেখযোগ্য যে- গহপুৰ সমজিলাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডত এগ্ৰিগেট ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত কামৰূপ জিলাৰ শুৱালকুচিৰ পৱন দাস নামৰ লোক জন হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰীৰ ৰঙাজান গাঁৱৰ শিৱ প্ৰসাদ কলিতাৰ ঘৰত ভাড়াতীয়া হিচাপে থাকে। যোৱা দেওবাৰে পৱন দাস গৈছিল শুৱালকুচিৰ ঘৰলৈ।

ঘৰলৈ যোৱাৰ সময়ত তেওঁৰ ভাড়াতীয়া কোঠালীটো তলা মাৰি গৈছিল যদিও বুধবাৰে নিশা দুৱাৰৰ তলা ভাঙি কোঠাৰ ভিতৰৰ পৰা বাইক চোৰে লৈ যায় এ এছ ২৫ কে ৯০৯১ নম্বৰৰ হিৰ' কোম্পানীৰ এছিভাৰ ১৫০ বাইকখন। কালি পুৱা শুই উঠি ঘৰৰ মালিকে উক্ত কোঠাটোৰ দুৱাৰৰ তলা ভঙা অৱস্থাত দেখা পোৱাৰ পিছত বাইকখন কোঠাটোৰ ভিতৰত নথকাত বাইকখন চুৰি হোৱা বুলি নিশ্চিত হয়।

ইয়াৰ পিছত খবৰ দিয়া হয় হেলেম আৰক্ষীক। উক্ত খৱৰৰ ভিত্তিত কালি পুৱা প্ৰায় ৭ বজাত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষযা পংকজ চিতলা আৰু উপ পৰিদৰ্শক গৰিমা পেগুৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

ইয়াৰ পিছতে উক্ত বাইক চুৰিৰ বিৰূদ্ধে অভিযান আৰম্ভ হয় হেলেম আৰক্ষীৰ।উক্ত অভিযানত মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতে বোকাখাটৰ পৰা উদ্ধাৰ হয় বাইকখন। লগতে উক্ত বাইক চুৰিৰ লগত জড়িত ডফলাগড়ৰ শশীন্দ্ৰ দাসৰ পুত্ৰ বিশ্ব দাসো হাতেলোটে গ্ৰেপ্তাৰ হয়।হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত চলা এই সফল অভিযানক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে।

আৰক্ষী