/asomiyapratidin/media/media_files/2025/10/18/ujjjdd-2025-10-18-11-42-31.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বন্য হাতীৰ আৱাসভূমি অসম বুলি গৌৰৱ কৰা মূহুৰ্ততে গোলাঘাটৰ মৰঙি অঞ্চলৰ শ্যামৰাইপুৰত চাহ বাগিচাৰ নলাত আজি এটা বন্যহস্তীৰ পোৱালি পুনৰ পৰে। ইতিমধ্যে মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বন বিষয়াৰ সহিতে এটা বন বিভাগৰ দল উপস্থিত হৈ পোৱালীটো উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বন বিভাগে জেচিবিৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে যদিও হস্তী পোৱালীটোৰ মাক পোৱালিটোৰ ওচৰৰ আঁতৰি নোযোৱাৰ বাবে বৰ্তমানলৈকে হাতী পোৱালিটো উদ্ধাৰ কৰিব পৰা নাই।
অন্যহাতে বন্যহস্তীৰ পোৱালীটো বৰ্তমান জীৱিত হৈ আছে নে মৃত সেইয়াও বন বিভাগে নিশ্চিত কৰিব পৰা নাই। উল্লেখযোগ্য যে গোলাঘাটৰ এই মৰঙি অঞ্চলত এনেদৰে চাহ বাগিচাৰ নলাত পৰি আহত হোৱা এটা বন্যহস্তীৰ পোৱালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই উন্নত চিকিৎসাৰ বাবে যোৱা ১১ অক্টোবৰত নিছিল যদিও পোৱালিটোৰ মৃত্যু হৈছিল।
গোলাঘাটৰ বন্যহস্তীৰ বিচৰণ অঞ্চলৰ চাহ বাগিচা সমূহত খন্দোৱা বৃহৎ নলা সমূহ পুতি পেলোৱা আৰু কাটা তাৰ লগোৱা বন্ধ কৰিবলৈ জিলাৰ আয়ুক্তক কিছুদিনৰ আগতে পৰিৱেশ কৰ্মী অপুৰ্ব বল্লভ গোস্বামীয়ে স্মাৰক প্ৰত্ৰ প্ৰদান কৰা পাছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত এনেদৰে বন্যহস্তীৰ পোৱালি নলাত পৰি মৃত্যু ঘটাৰ ঘটনা সংঘটিত হৈ আহিছে।