/asomiyapratidin/media/media_files/2025/09/05/262-2025-09-05-23-26-39.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটা সমজিলাবাসীক স্বাস্থ্য সম্পৰ্কত বিনামূলীয়াকৈ বিভিন্ন চিকিৎসা সেৱা আগবঢ়াই অহা মাৰ্ঘেৰিটাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাই এইচ,অ,ই,চিৰ সামাজিক দায়বদ্ধ আঁচনিৰ অধীনত ডিৰক চাহ বাগিচাৰ শ্ৰমিক সকলৰ মাজত মুখগহ্বৰ, জৰায়ু আৰু স্তন কৰ্কট ৰোগৰ সজাগতা সভা আৰু পৰীক্ষণ শিবিৰ শুকুৰবাৰে অনুষ্ঠিত হয়।
ছ'চাইটিৰ সম্পাদক পবিত্ৰ বৰগোহাঞিয়ে উদেশ্যে ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰি দিনক দিনে বৃদ্ধি পোৱা কৰ্কট ৰোগৰ কাৰণ, লক্ষণ আৰু চিকিৎসা বিধি অৱগত কৰোৱাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে সভা আৰু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে পৰীক্ষণ শিবিৰত সক্ৰিয় সহযোগ আগবঢ়োৱাৰ লগতে ফাউণ্ডেশ্যনৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মমতা উপাধ্যায়, ডাঃ ৰস্মী কাকটী আৰু চিকিৎসা কৰ্মীয়ে চাহ শ্ৰমিক সকলৰ স্বাস্থ্য পৰীক্ষা কৰে।
শিবিৰত ডিৰক চাহ বাগিচাৰ প্ৰায় তিনি শতাধিক চাহ শ্ৰমিকক মুখগহ্বৰ, স্তন আৰু জৰায়ু মুখৰ কৰ্কট ৰোগৰ পৰীক্ষণ কৰাৰ লগতে উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগৰো পৰীক্ষণ আৰু চিকিৎসা প্ৰদান কৰা হয়।