Advertisment

"ৰাস পাতিছো,ৰাইজ সহযোগ কৰক"- ৭৫ বছৰীয়া পুৰণি এখন গোহাৰি পত্ৰ

যি সময়ত এনে উৎসৱ-পাৰ্বন পাতিবলৈ ৰচিদ বহী আৰু ৰং-বিৰঙৰ কাৰ্যসূচী লৈ উদ্যোক্তা দৌৰে সেই সময়ত চাওঁকচোন কেনে বিনম্ৰতাৰে এই উৎসৱবোৰ উদযাপনৰ বাবে ৰাইজৰ সঁহাৰি বিচাৰিছে এই গোহাৰি পত্ৰৰ জৰিয়তে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
asd

ডিজিটেল ডেস্কঃ   এখন গোহাৰি পত্ৰ। ৭৫ বছৰ গৰকা এইখন গোহাৰি। এতিয়া এই গোহাৰিখনেই  হৈ পৰিছে এক ঐতিহ্য চিহ্ন। ১৯৪৯ চনৰ ২৮ অক্টোবৰত প্ৰকাশ কৰা এই গোহাৰি পত্ৰখন চপোৱা হৈছিল ৰাস অনুষ্ঠিত কৰাৰ উপলক্ষে।

Advertisment

কেবাখনো গাঁৱৰ ৰাইজে মিলি তেজপুৰত আয়োজন কৰা ৰাস যাতে সুকলমে সম্পন্ন হয় আৰু ৰাইজে যাতে সহযোগ আগবঢ়াই সেই আহ্বানেৰে এই গোহাৰি পত্ৰ চপোৱা হৈছিল। এই ৰাস উৎসৱ পালনৰ কাৰ্যকৰী কমিতিৰ সভাপতি আছিল প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী, সংগীত নাটক অকাডমী বিজেতা গহন চন্দ্ৰ গোস্বামী।

আনহাতে সহ সভাপতি আছিল দেবেন গোস্বামী, প্ৰধান সম্পাদক আছিল যুগেন্দ্ৰ প্ৰসাদ বৰুৱা। প্ৰফুল্ল চন্দ্ৰ কাকতি, দেবেন ভৰালী আছিল যুটীয়া সহ সম্পাদক। সেই বৰ্ষৰ ১৪ আৰু ১৫ নৱেম্বৰত এই ৰাস উৎসৱ আয়োজন কৰা হৈছিল।

এই উপলক্ষে ঘৰপৰা চুবুৰী, বৰুৱা চুবুৰী,খৰাখাতী,তামুলী চবুৰী,শইকীয়া চুবুৰী, কেতেকীবাৰী, নিকামুল সত্ৰ,মহাভৈৰৱ আদি ঠাইৰ ৰাইজে মিলি এই ৰাস উৎসৱ আয়োজন কৰিছিল। ইয়াক নিয়াৰিকৈ উদযাপনৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছিল গোহাৰিখনত।

যি সময়ত এনে উৎসৱ-পাৰ্বন পাতিবলৈ ৰচিদ বহী আৰু ৰং-বিৰঙৰ কাৰ্যসূচী লৈ উদ্যোক্তা দৌৰে সেই সময়ত চাওঁকচোন কেনে বিনম্ৰতাৰে এই উৎসৱবোৰ উদযাপনৰ বাবে ৰাইজৰ সঁহাৰি বিচাৰিছে এই গোহাৰি পত্ৰৰ জৰিয়তে।

গোহাৰি পত্ৰ