কাণ্ডজ্ঞানহীন নাগৰিক : ৩৫ বছৰীয়া পুৰণি নলা বন্ধ কৰি কদৰ্যময় পৰিৱেশৰ সৃষ্টি

একাংশ মহানগৰবাসীৰ কাণ্ডজ্ঞানহীন কৰ্মৰ বাবে মহানগৰত বাস কৰা বহু লোক ভুক্তভোগী হয়। মহানগৰীৰ বাট- পথসমূহৰ কাষত থকা নলা-নৰ্দমাত জাৱৰ পেলোৱা, ঠেক পথত যান-বাহন ৰখোৱা আদিকে ধৰি

author-image
Asomiya Pratidin
New Update
182

ডিজিটেল ডেস্ক : একাংশ মহানগৰবাসীৰ কাণ্ডজ্ঞানহীন কৰ্মৰ বাবে মহানগৰত বাস কৰা বহু লোক ভুক্তভোগী হয়। মহানগৰীৰ বাট- পথসমূহৰ কাষত থকা নলা-নৰ্দমাত জাৱৰ পেলোৱা, ঠেক পথত যান-বাহন ৰখোৱা আদিকে ধৰি মহানগৰীৰ বহু জটিল সমস্যা সৃষ্টি কৰে এচাম মহানগৰীৰ তথাকথিত ভদ্ৰলোকে। 

WhatsApp Image 2026-02-21 at 12.16.30 PM (1)

মহানগৰীৰ চলাপাৰাৰ ট্ৰাইবেল গেষ্ট হাউচৰ সমীপত দেখিবলৈ পোৱা গ’ল তেনে এক ঘটনা। সেই স্থানত থকা এটা নলা যোৱা ৩৫ বছৰ ধৰি আছিল যদিও হঠাৎ কুঞ্জ পাটগিৰি নামৰ এগৰাকী বাসিন্দাই সেই নলাটো ইচ্ছাকৃতভাৱে বন্ধ কৰি দিয়ে।

WhatsApp Image 2026-02-21 at 12.16.30 PM

ইয়াৰ ফলত নলাটোৰ ক’লা পানী আন কাষৰীয়া বাসগৃহত সোমাই এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰে। এই সন্দৰ্ভত মৌচম দত্ত নামৰ লোকজনে গুৱাহাটী পৌৰ নিগম আৰু কামৰূপ মহানগৰ প্ৰশাসনক অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে আবেদন জনাইছে।

কুঞ্জ পাটগিৰিৰ প্ৰতিবেশী তথা ৮-এ নম্বৰৰ ঘৰটোৰ স্বত্বাধিকাৰী মৌচম দত্তই সদৰী কৰা মতে বে- আইনীভাৱে তেওঁলোকে এই নলাটো বন্ধ কৰি দিয়াৰ বাবে এক কদৰ্যময় পৰিৱেশ সৃষ্টি হৈছে সেই ঠাইত। দত্তই লগতে এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে।

গুৱাহাটী জ্যেষ্ঠ নাগৰিক