/asomiyapratidin/media/media_files/2026/02/07/65-2026-02-07-22-01-37.jpg)
ডিজিটেল সংবাদ, চিদলী : চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত জাউলীয়াবাৰী গাঁৱত এগৰাকী ১৪ বছৰীয়া আদিবাসী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি এলেকাত ৰাইজৰ মাজত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে ।
এই দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিছত চিদলী থানাৰ আৰক্ষীয়ে তিনি ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা মতে যোৱা পাঁচ ফেব্ৰুৱাৰী দিনা চিদলী এলেকাৰ পৰা এগৰাকী ১৪ বছৰীয়া আদিবাসী কিশোৰী পৰিয়ালৰ সৈতে জাউলীয়াবাৰীত আত্মীয়ৰ বিয়াত গৈছিল।
নিশা ১০ বজাত প্ৰেমিক মঙ্গলা চোৰেণ (১৯) ক লগ কৰিবলৈ বিয়া ঘৰৰ পৰা ওলাই আহে । তাৰপিছত দুয়ো ওচৰৰে কালভাৰ্ট এটাত বহি কথা পাতি আছিল, তাৰ মাজতেই প্ৰেমিক মঙ্গলা চোৰেনে নাবালিকা প্ৰেমিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা চলাই থকাৰ সময়তে উক্ত স্থানত আহি উপস্থিত হয় বলেন মাৰ্ডী ওৰফে উকিল (২৫) আৰু মঙ্গল চোৰেন (২৭) নামৰ দুই যুৱক।
অসংযত অৱস্থাত প্রেমিকহালক আবদ্ধ কৰি তেওঁলোকৰ পৰা প্ৰথমে নগদ দুই হেজাৰ টকা দাবী কৰে । দাবী কৰা টকা আদায় দিলে তেওঁলোকক যাবলৈ দিব অন্যথাই কিশোৰী গৰাকীয়ে স্বেচ্ছাই তেওঁলোকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ বাবে হেচাঁ প্ৰয়োগ কৰে।
কিন্তু দাবী কৰা দুহেজাৰ টকা আদায় দিব নোৱাৰাত যুৱক দুজনে প্ৰেমিক মঙ্গলা চোৰেণ আৰু নাবালিকা প্ৰেমিকাৰ মুখত সোপা দি ওচৰৰ জঙ্ঘলত ভিতৰত প্ৰেমিকৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ কৰে । ইয়াতে ক্ষান্ত নেথাকি ধৰ্ষণকাৰী দুজনে প্রেমিকহালক চোকা অস্ৰ দেখুৱাই এই ঘটনা যদি ৰাজহুৱা কৰে তেনেহলে দুয়োকে হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰি ঘটনাস্থলীৰ পৰা দুই পাষণ্ড পলায়ন কৰে।
৬ ফেব্ৰুৱাৰী ৰাতিপুৱা স্থানীয় লোকে আৰক্ষী থানাত খবৰ দিয়াৰ পিছত চিদলী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিপুল বিশ্বাসে চাইল্ড লাইনৰ সহযোগত ভুক্তভোগী নাবালিকা গৰাকীক অসুস্থ অৱস্থাত জাউলীয়াবাৰীৰ আত্মীয়ৰ ঘৰৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে। তাৰ পিছত আৰক্ষীয়ে নাবালিকা গৰাকীৰ প্ৰেমিক মঙ্গলা চোৰেণ (১৯) ক আটক কৰি সোধপোছ কৰাত বাকি দুই ধৰ্ষণকাৰীক চিনাক্ত কৰি সন্ধিয়াৰ ভাগত কৌশলপূৰ্ণভাৱে দুই নৰাধম ধৰ্ষণকাৰী বলেন মাৰ্ডী ওৰফে উকিল (২৫) আৰু মঙ্গল চোৰেন (২৭)ক গ্ৰেপ্তাৰ কৰে।
ইপিনে নিৰ্য্যাতিতা গৰাকীৰ পৰিয়ালৰ লোকে চিদলী থানাত এজাহাৰ দাখিল কৰে । সেইমৰ্মে চিদলী থানাৰ আৰক্ষীয়ে প'কচ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি প্ৰেমিক সহ দুই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি কাজলগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰি তদন্তৰ বাবে পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱাৰ দাবী কৰে । আদালতে তিনিজনকে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us