ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ নৱম বাৰ্ষিক বক্তৃতানুষ্ঠান

অনুষ্ঠানটিত AI and Youth: Democratising the use of technology in a volatile geo-political world শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে অসম চৰকাৰৰ মুখ্য সচিবৰ সাহাৰ্য প্ৰাধিকাৰী তথা ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰণ্যক শইকীয়াই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ নৱম বাৰ্ষিক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাণজিৎ কুমাৰ নাথে আদৰণি ভাষণ প্ৰদান কৰে। ইপিনে এই অনুষ্ঠানটিত AI and Youth:Democratising the use of technology in a volatile geo-political world শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে অসম চৰকাৰৰ মুখ্য সচিবৰ সাহাৰ্য প্ৰাধিকাৰী তথা ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰণ্যক শইকীয়াই। 

WhatsApp Image 2025-11-26 at 3.50.20 PM

উল্লেখ্য যে বিভাগীয় মুৰব্বী অধ্যাপিকা ড° বিদিষা বৰাই সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰাৰ লগতে বক্তৃতানুষ্ঠানটিৰ আঁত ধৰে সহকাৰী অধ্যাপিকা অৰ্চনা বৰাই।

WhatsApp Image 2025-11-26 at 3.50.23 PM

তাৰোপৰি অনুষ্ঠানটিত উপাধ্যক্ষ ড° দিপক পাঠকে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে । আনফালে এই অনুষ্ঠানটি আয়োজন কৰাত সহকাৰী অধ্যাপক দীপেন দাসে শলাগ জ্ঞাপন কৰাও পৰিলক্ষিত হয় । 

WhatsApp Image 2025-11-26 at 3.50.24 PM

গুৱাহাটী