/asomiyapratidin/media/media_files/2024/11/26/iFv03nkQCqiGZwrYNhyY.jpg)
ডিজিটেল ডেস্কঃ জুলাই মাহৰ অন্তত ৰে’লৱেৰ বৈদ্যুতিকৰণ প্ৰায় ৯৯ শতাংশ সম্পূৰ্ণ হৈছে। ৰেল মন্ত্ৰণালয়ে এই কথা সদৰি কৰিছে।
ৰেল মন্ত্ৰণালয়ে সদৰি কৰা মতে মুঠ ৬৯,৮০০ ৰুট কিলোমিটাৰৰ ভিতৰত মাত্র ৬৯৮ ৰুট কিলোমিটাৰহে বৈদ্যুতৈকৰণৰ বাহিৰত আছে। ২০২৬ চনৰ মাৰ্চৰ নিৰ্ধাৰিত সময়সীমাৰ বহু আগতেই দেশজুৰি ৰেলপথ বৈদ্যুতিকৰণৰ লক্ষ্য পূৰণ হ’ব বুলি ৰেল মন্ত্ৰণালয়ৰে শীৰ্ষ বিষয়াসকলে আশা প্ৰকাশ কৰিছে।
চৰকাৰী তথ্য অনুসৰি, ২৫খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত ইতিমধ্যেই ১০০ শতাংশ বৈদ্যুতিকৰন সম্পূৰ্ণ হৈছে। আনহাতে অসম, তামিলনাডু, কৰ্ণাটক, ৰাজস্থান আৰু গোৱাত ৯০ শতাংশৰ অধিক বৈদ্যুতিকৰন সম্পূৰ্ণ হৈছে।
ইয়াৰ ভিতৰত অসমত ২৬৯ ৰুট কিলোমিটাৰ বৈদ্যুতিকৰণ বাকী আছে। তামিলনাডুত ১৬৯ ৰুট কিলোমিটাৰ আৰু কৰ্ণাটকত ১৫১ ৰুট কিলোমিটাৰ বৈদ্যুতিৰণ বাকী আছে। ৰাজস্থানৰ কেৱল ১ শতাংশহে ৰেলপথ বৈদ্যুতিকৰণ বাকী বুলি জনোৱা হৈছে।