তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশখনি অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি-বিষ্ণু ক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷

author-image
Asomiya Pratidin
New Update
201

ডিজিটেল সংবাদ, জামুগুৰিহাট : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশখনি অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি-বিষ্ণু ক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷ এই সম্পৰ্কত বুধবাৰে জামুগুৰিহাটৰ কাঠৰবাৰীস্থিত শংকৰ সংঘৰ অস্থায়ী  কাৰ্যালয়ত আদৰণি সমিতিয়ে এখনি সংবাদমেলৰ আয়োজন কৰে ৷

শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ অধিবেশনৰ আদৰণি সমিতিনৰ কাৰ্যকৰী সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সংবাদমেল সম্বোধন কৰি কয়- অহা ১৬ নবেম্বৰত অধিৱেশনৰ লাইখুটা স্থাপন কৰা হ'ব ৷ ইয়াৰোপৰি মূলমণ্ডপভাগ সম্পূৰ্ন উলু খেৰৰে নিৰ্মানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ইতিমধ্যে অধিবেশনখনিৰ শিৱিৰ, প্ৰতিনিধি শিবিৰ ও মূল মণ্ডপ নিৰ্মানৰ বাবে কন্যকা ভূমিৰ তিনি শতাধিক বিঘা ভূমিত ৰাজহুৱাভাৱে খেৰকটা কাজো সম্পন্ন কৰা হৈছে ৷ অধিৱেশন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাৱে অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীয় ৰাইজে সহযোগিতা আগবঢ়োৱা বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হজৰিকাই ৷

 অধিৱেশনখনি সাফল্যমণ্ডিত কৰাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি সদৰী কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ আদৰণি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মনেও সংবাদমেলখনৰ জৰিয়তে অধিবেশনখনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলোশ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰে ৷

সংবাদমেলত আদৰণি সমিতিৰ সম্পাদক বিপুল বৰা প্ৰমুক্ষে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷

শঙ্কৰদেৱ সঙ্ঘ