/asomiyapratidin/media/media_files/2025/10/23/35-2025-10-23-11-04-41.jpg)
ডিজিটেল সংবাদ, বেকাজান : স্বাধীন নাগালিমৰ সপোন বুকুত বান্ধি এদিন তেওঁ ওলাই গৈছিল মণিপুৰৰ উখৰুলৰ সোমদল নামৰ সেই অখ্যাত গাঁৱখনৰ পৰা। যোগ দিছিল নগা জাতীয় আন্দোলনত। সেই তেতিয়াৰ পৰা সুদীৰ্ঘ পঞ্চাশ বছৰ ধৰি তেওঁ জন্মৰ গাঁৱখনলৈ এবাৰো যোৱা নাই কাৰণ সন্মুখত আছিল পৰ্বতসম ৰাজনৈতিক বাধা।
কিন্তু ২২ অক্টোবৰ ২০২৫ বুধবাৰে নিজৰ ওপজা গাঁৱত সুদীৰ্ঘ ৫০ বছৰ পিছত ভৰি থৈছে গৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দুৰ্ধষ বিদ্ৰোহী নেতাজনে। ১৯৯৭ চনত ভাৰত চৰকাৰৰ সৈতে হোৱা যুদ্ধ বিৰতিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত অৱশেষত তেওঁ ৯১ বছৰ বয়সত হুইল চেয়াৰত বহি হাজাৰ হাজাৰ লোকৰ উষ্ম আদৰণিৰে উপস্থিত হৈ গৈ জন্মভূমি আপোন গাঁৱখনত।
অশীতিপৰ এই বিদ্ৰোহী নেতাজনেই হ'ল নেচনেল চছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনৰ আটো কিলোনছাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী থুইংগালেং মুইভা। প্ৰায় পাঁচ দশকৰ পিছত পুৱা তেওঁ এন এছ চি এনৰ মুখ্য কাৰ্যালয় হেব্ৰৰুনৰ পৰা বিশেষ হেলিকেপ্টাৰে গৈ উপস্থিত হয় গৈ মণিপুৰৰ উখৰুলৰ হাংপুঙৰ খেলপথাৰত।
কটকটীয়া নিৰাপত্তা মাজেৰে পত্নী পাকাহাও মুইভাৰ সৈতে ডিমাপুৰৰ পৰা হেলিকপ্টাৰেৰে আহি উখৰুলৰ হাংপুঙৰ খেলপথাৰত অৱতৰণ কৰাৰ পিছত মুইভাই ৰাইজক হাত জোকাৰি অভিনন্দন জনায়। তেওঁৰ গৃহ প্ৰত্যাৱৰ্তনত আনন্দিত হৈ পৰে মণিপুৰৰ টাংখুল নগা সমাজ।
উখৰুলৰ জিলা সদৰত উপস্থিত হোৱাৰ লগে লগে থুইংগালেঙ মুইভাক হাজাৰ হাজাৰ টাংখুল নগা জনতাই নাগালিমৰ পতাকা জোকাৰি পৰম্পৰাগত আৰু প্ৰথাগত শৈলীত উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে উখৰুল জিলা সদৰত অনুষ্ঠিত হোৱা আদৰণি আৰু পুনৰ মিলন কাৰ্যসূচীত অংশ গ্ৰহণ আবেগিক হৈ পৰে নেতাজন।
নগা জনতাক উদ্দেশ্যি কয়- আজি মোৰ বাবে এক ডাঙৰ আনন্দৰ মুহূৰ্ত। মোৰ বিপ্লৱী যাত্ৰা আৰম্ভ হৈছিল ছয় দশক আগতে ১৯৬৪ চনত এই টাংখুল দেশৰ পৰা।
মোক সুৰক্ষিত কৰি আজি মোৰ জন্মস্থান সোমদললৈ ঘূৰি অহাটো সম্ভৱ কৰি তোলাৰ বাবে সৰ্বশক্তিমান ভগৱানক ধন্যবাদ জনাইছো। কিন্তু মই চিনি পোৱা আৰু ভালপোৱা বহু মানুহ ইতিমধ্যে হেৰাই গৈছে।
প্ৰজন্ম আহে আৰু যায়, কিন্তু জাতি থাকে। আমি যুঁজি থকা বিষয়টো আজি এই টাংখুল নগা লং খেলপথাৰত ইয়াত সমবেত হোৱা আমাৰ বেছিভাগেই বয়োজ্যোষ্ঠ আৰু পুৰণি বন্ধু।
মই আশাবাদী যে একমাত্ৰ সন্মানজনক আলোচনাৰ মাধ্যমৰে চূড়ান্ত নগা ৰাজনৈতিক চুক্তি স্বাক্ষৰিত হ’ব । কাৰণ আমষ্টাৰডাম যৌথ বিবৃতি আৰু ২০১৫ চনৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ আধাৰত নাগালিমৰ অনন্য ইতিহাস, সাৰ্বভৌম নাগালিম ভূখণ্ড, নগা জাতীয় পতাকা আৰু নগা জাতীয় সংবিধানক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছে।
কাঠামো চুক্তিৰ ভিত্তিত চূড়ান্ত আলোচনাৰ জৰিয়তে সাত দশকজোৰা নগা ৰাজনৈতিক নিষ্পত্তি সমাপ্ত কৰাৰ প্ৰয়াস কৰিম। ইফালে থুইংগালেঙ মুইভাৰ মণিপুৰ ভ্ৰমণে সমান্তৰালভাৱে কুকি জনগোষ্ঠীৰ বাবে এক উৎকণ্ঠাৰ সৃষ্টি কৰিছে।
কেইবাখনো পাহাৰীয়া জিলাত কেন্দ্ৰীভূত আৰু নগা ভূখণ্ডৰ সৈতে সীমা ভাগ কৰা কুকিসকলৰ ৰাজনৈতিক সংঘাত আছে। নগা ৰাজনৈতিক প্ৰভাৱৰ যিকোনো দাবীক তেওঁলোকৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক প্ৰতিনিধিত্ব আৰু সামাজিক সুৰক্ষাৰ প্ৰতি সম্ভাৱ্য ভাবুকি সৃষ্টি কৰিব পাৰে শংকিত হৈ পৰিছে ।
ইফালে সপ্তাহজোৰা বিদ্ৰোহী নেতাজনৰ মণিপুৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত থুইংগালেঙ মুইভাৰ পৈতৃক গাঁওবাসীয়ে মেইৰা কাছাৰ নামৰ জোঁৰ সমদল অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে গাঁৱৰ সকলো ঘৰ আৰু মুইভাৰ বাসগৃহ প্ৰদীপ জ্বলোৱাৰ পৰিকল্পনা কৰিছে। পোহৰ, ঐক্য আৰু পুনৰ মিলনৰ প্ৰতীক হিচাপে প্ৰাৰ্থনা সমাৱেশ অনুষ্ঠিত হ’ব।
মুইভাই সোমদলত গাঁৱত এসপ্তাহ কটোৱাৰ পাছত ২৯ অক্টোবৰত সেনাপতি জিলা হৈ ডিমাপুৰ ঘৰলৈ উভতি আহিব। উল্লেখযোগ্য যে আজি উখৰুলৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ থুইংগালেঙ মুইভাৰ সন্মানত বন্ধ হৈ পৰে।
এই গৃহ যাত্ৰাত সংগ দিয়ে ভি এছ আটেম, আৰ এইচ ৰেইজিং, নিংখান শ্বিমৰে, ৰেভাৰেণ্ড চেক্সিম কাছাৰ, ৰেভাৰেণ্ড পুনি মাওকে ধৰি এন এছ চি এনৰ কেইবাজনো শীৰ্ষ নেতাই ।