প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ৯টা প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৩ আৰু ১৪ ছেপ্তেম্বৰত অসম ভ্ৰমণ উপলক্ষে প্ৰধানমন্ত্ৰী লৈ  ৯টা প্ৰশ্ন অৱতাৰণা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মঙলদৈ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰে

author-image
Asomiya Pratidin
New Update
309

ডিজিটেল সংবাদ, মঙলদৈ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৩ আৰু ১৪ ছেপ্তেম্বৰত অসম ভ্ৰমণ উপলক্ষে প্ৰধানমন্ত্ৰী লৈ  ৯টা প্ৰশ্ন অৱতাৰণা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মঙলদৈ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰে ৷ প্ৰধানমন্ত্ৰীয়ে অসমক দিয়া ভুৱা প্ৰতিশ্ৰুতি আৰু অসমক কৰা বিশ্বাসঘাতকতাৰ কেইটামান দৃষ্টান্ত অসমবাসীৰ আগত ৰাজহুৱা কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছে এই সংবাদমেলৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে ৷

সংবাদমেলযোগে ৰিপুণ বৰাকে প্ৰমুখ্য কৰি দলীয় কাৰ্যকৰ্তা তথা বিষয়ববীয়াসকলে প্ৰশ্ন কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া প্ৰীতিৰ মিছা অভিনয় কৰি আহিছে ৷ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা বাংলাদেশী টালি- টোপোলা বান্ধি যাব লাগিব, এই কথা অসাৰ হ’ল ৷

তাৰোপৰি উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰীয়ে অসমখনক বিদেশীৰ ৰম্যভূমি কৰিলে ৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা বিদেশীক ৰক্ষণাবেক্ষণহে দিলে ৷ ১ লাখ ৫৪ হাজাৰক দিলে ৰক্ষণাবেক্ষণ ৷ এতিয়া ২৮ নং স্থানত অসম ৷ চৰকাৰৰ ঋণৰ পৰিমাণ এতিয়া ১লাখ ৫৮ হাজাৰ কোটি টকা ৷ 

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন- অসমক ১ নং স্থান পাব বুলি কৈ কিয় ২৮ নং স্থান পালে ? ২০১৪ চনত অসমৰ নিবনুৱা ২২ লখ বৰ্তমান ৩৮ লাখ নিবনুৱা হ’লগৈ কিয় ? অসমত চৰকাৰ গঠন হোৱাৰ পিচতে ছয় জনগোষ্ঠীক ছমাহৰ পিচতে জনজাতি কৰণ কৰি দিম বুলি ভোটলৈ ৰাম ঠগন দিলে ছয় জনগোষ্ঠীক। 

লগতে চাহ শ্ৰমিকৰ ভূমি বণিক গোষ্ঠীক হস্তান্তৰিত কৰা বুলি উল্লেখ কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ ওৱাচিং মেচিনত সোমাই চাফা কৰি ল’লে ৷ ৪৯ হাজাৰ বিঘা মাটি খিলঞ্জীয়া লোকৰ ভূমি উচ্ছেদ কৰিছে ৷ মাত্ৰ ৬ হাজাৰ বিঘাহে বেদখল মাটি উচ্ছেদ কৰিছে ৷ যদি বাংলাদেশী লোকক উচ্ছেদ কৰিছে তেন্তে কিয় ট্ৰাকত উঠাই বাংলাদেশৰ সীমান্তত থৈ নাহিলে ? কিয় উচ্ছেদিত লোকক ৫০ হাজাৰ টকা দি পুনৰ সংস্থাপন কৰিছে? 

তাৰোপৰি বান মুক্ত অসমৰ প্ৰতিশ্ৰুতি কি হ’ল বুলিও প্ৰশ্ন তোলে। অসমক দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ প্ৰতিশ্ৰুতি কি হ’ল বুলি এই ৯ টা প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰীক ৷

উল্লেখযোগ্য যে, উক্ত সংবাদমেল সম্বোধন কৰে ৰিপুন বৰাই ৷ দেবব্ৰত বৰা ,কন্দৰ্প কলিতাকে ধৰি কেইবাগৰাকী কংগ্ৰেছৰ নেতৃত্ব উপস্থিত থাকে সংবাদমেলত ৷

দেৱব্ৰত শইকীয়া ৰিপুণ বৰা অসম প্ৰদেশ কংগ্ৰেছ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী