মানৱ সৰবৰাহ বিৰোধী গোটৰ অভিযানত উদ্ধাৰ ৯গৰাকী নাবালিকা : দম্পত্তীসহ ৬জনক আটক

আৰক্ষীৰ ভাষ্য অনুসৰি উক্ত এলেকাটোৰ এঘৰ মানুহৰ ঘৰতে চলাই আছিল যৌন ৰেকেটকে ধৰি মানৱ সৰবৰাহৰ দৰে অনৈতিক কাম- কাজ। ইতিমধ্যে ঘৰটোৰ পৰা আৰক্ষীয়ে এহাল দম্পত্তীক আটক কৰি তদন্ত অৱ্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
311

ডিজিটেল ডেস্ক : মহানগৰী কলকাতাৰ এটি ৰেড লাইট এলেকাত আৰক্ষীয়ে চলাই আকস্মিক অভিযান। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এলেকাটোৰ পৰা ৯গৰাকী নাবালিকাৰ লগতে ১০জন লোকক উদ্ধাৰ কৰে। 

উল্লেখযোগ্য যে, কলকাতা আৰক্ষীৰ মানৱ সৰবৰাহৰ বিৰোধী গোটে চলোৱা এই অভিযানত যৌন ৰেকেট চলোৱাৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰে। উত্তৰ কলকাতাৰ বুৰ্ট’লা থানাৰ আৰক্ষীৰ দল এটিয়ে চলাই এই অভিযান। 

আৰক্ষীৰ ভাষ্য অনুসৰি উক্ত এলেকাটোৰ এঘৰ মানুহৰ ঘৰতে চলাই আছিল যৌন ৰেকেটকে ধৰি মানৱ সৰবৰাহৰ দৰে অনৈতিক কাম- কাজ। ইতিমধ্যে ঘৰটোৰ পৰা আৰক্ষীয়ে এহাল দম্পত্তীক আটক কৰি তদন্ত অৱ্যাহত ৰাখিছে। ধৃত পতি- পত্নীৰ নাম হৈছে- অমিত বেনাৰ্জী আৰু সৰস্বতী বেনাৰ্জী।

আনহাতে উক্ত ঘটনাৰে জড়িত থকাৰ অভিযোগত আন ৪গৰাকী লোকক আটক কৰিছে অভিযানকাৰী আৰক্ষীৰ দলটোৱে। ধৃত লোককেইজন হৈছে- সুমন হালদাৰ, দীপ চেটাৰ্জী, আকাশ চৌধুৰী আৰু পূজা মিষ্ট্ৰী।

মানৱ সৰবৰাহ