ধাৰাসাৰ বৰষুণ, ভূমিস্খলনৰ ফলত জম্মু-কাশ্মীৰত ৯ জনৰ মৃত্যুঃ বন্ধ বৈষ্ণো দেৱী মন্দিৰৰ যাত্ৰা

জম্মু-কাশ্মীৰৰ ডোডা জিলাত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত বৈষ্ণো দেৱী মন্দিৰ পথত ৫ জনকে ধৰি আন কেইবাটাও স্থান মিলাই এই পৰ্যন্ত ৯ লোকৰ মৃত্যুৰ হোৱা বুলি জানিব পৰা গৈছে।

author-image
Tushar Pratim
New Update
ধাৰাসাৰ বৰষুণ, ভূমিস্খলনৰ ফলত জম্মু-কাশ্মীৰত ৯ জনৰ মৃত্যুঃ বন্ধ বৈষ্ণো দেৱী মন্দিৰৰ যাত্ৰা

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ডোডা জিলাত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত বৈষ্ণো দেৱী মন্দিৰ পথত ৫ জনকে ধৰি আন কেইবাটাও স্থান মিলাই এই পৰ্যন্ত ৯ লোকৰ মৃত্যুৰ হোৱা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত বৈষ্ণো দেৱী মন্দিৰৰ যাত্ৰা স্থগিত ৰখা হৈছে।

Advertisment

জানিব পৰা মতে অধকৱাৰীৰ ইন্দৰপ্ৰস্থ ভোজনালয়ৰ সমীপত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত বহু কেইজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ভূমিস্খলনৰ পিছতে উদ্ধাৰকাৰীয়ে আধুনিক যন্ত্ৰ-পাতিৰে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিছে। 

ভূমিস্খলনৰ ফলত বহু সা-সম্পত্তিও ক্ষতিগ্ৰস্ত হৈছে। বিষয়াসকলৰ মতে, ঘৰ ভাঙি দুজন লোকৰ মৃত্যু হৈছে। দুজন লোকে প্ৰাণ হেৰুৱাইছে বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰা ক্ষন্তেকীয়া বানত। 

ইফালে কোনো কোনো ঠাইত ডাৱৰ বিস্ফোৰণ হোৱা বুলিও খবৰ আহিছে। এনে পৰিস্থিতিত সুৰক্ষামূলক ব্যৱস্থা হিচাপে নদীৰ পাৰৰ অঞ্চলৰ সকলো লোককে আঁতৰি থাকিবলৈ আৰু সজাগ হৈ থাকিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। 

ডোডা আৰু কিষ্টৱাৰ সংযোগী ২৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰবল বৰষুণ, ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। এই পথৰ এটা অংশ পানীয়ে উটুৱাই নিছে। ফলত যাতায়ত বন্ধ হৈ পৰিছে।

এই পৰিস্থিতিৰ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে, জম্মু প্ৰদেশৰ বহু ঠাইত পৰিস্থিতি যথেষ্ট গুৰুতৰ। এক্সত তেওঁ জনোৱা অনুসৰি শ্ৰীনগৰৰ পৰা জম্মুলৈ তেওঁ বিমানৰ জৰিয়তে ব্যক্তিগতভাৱে পৰিস্থিতিত নিৰীক্ষণ কৰিব। ইয়াৰ মাজতে জৰুৰীকালীন সেৱা পুনৰুদ্ধাৰৰ কাম আৰু অন্যান্য জৰুৰীকালীন পৰিস্থিতিসমূহ সামৰি ল'বলৈ উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰাৰ লগতে ইয়াৰ বাবে নিৰ্দিষ্ট শিতানত অতিৰিক্ত ধন ব্যয় কৰিবলৈ প্ৰস্তুত থাকিবলৈয়ো নিৰ্দেশনা জাৰি কৰিছে। 

তাৰোপৰি আজি মুখ্যমন্ত্রীগৰাকীৰ সভাপতিত্বত বান প্রস্তুতি সন্দর্ভত এখন উচ্চ পর্যায়ৰ বৈঠকো অনুষ্ঠিত হয়। এই বৈঠকতে তেওঁ প্রতিটো বিভাগক সাজু হৈ থাকিবলৈ কয়৷ কিয়নো বিপদ সীমাৰ ওপৰেদি বৈ আছে টাৱি আৰু ৰবি। কথুৱাত বহু ঠাইত ৰবি নদী উফন্দি উঠাৰ ফলত নিম্নগামী অঞ্চল প্লাৱিত হৈছে।

কাশ্মীৰ উপত্যকাক কিষ্টৱাৰ জিলাৰ সৈতে সংযোগ কৰা সিন্থন টপ পথটো বন্ধ কৰি দিয়া হৈছে। ৰামবন জিলাত পাহাৰৰ পৰা শিল বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰিছে শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথ। জোজিলা পাছত প্ৰচণ্ড বৰফ পৰাৰ ফলত শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ হৈ পৰিছে।

এই আটাইকেইখন জিলাতে জৰুৰীকালীন অৱস্থাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে স্থানীয় কৰ্তৃপক্ষ হাই এলাৰ্টত আছে। বতৰ বিভাগে জম্মুত ধাৰাসাৰ বৰষুণৰ পৰ্বানুমান কৰিছে। এনে পৰিস্থিতিত সোনকালেই যে পৰিস্থিতি উন্নত হ’ব সেই আশা ক্ষীণ দেখা গৈছে। 

ভূমিস্খলন জম্মু কাশ্মীৰ