/asomiyapratidin/media/media_files/2026/02/10/bfggfgfgfg-2026-02-10-19-21-15.jpg)
ডিজিটেল সংবাদ, শ্বিলংঃ মঙলবাৰেশ্বিলঙস্থিত Courtyard by Marriott হোটেলত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ৮৭তম সাধাৰণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকখন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ড° ৰণবীৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-image-2026-02-10-19-43-36.jpeg)
এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ লগতে পশ্চিমবংগৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া-মণ্ডলী উপস্থিত থাকে। বৈঠকত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাত জলজ সম্পদ ব্যৱস্থাপনা, বান আৰু গড়াখহনীয়া নিয়ন্ত্ৰণৰ লগতে সংস্থাগত শক্তিশালীকৰণৰ ক্ষেত্ৰত চলি থকা কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। লগতে বৈঠকত ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-image-2026-02-10-19-43-48.jpeg)
এই বৈঠকতে ৩০.০১.২০২৬ আৰু ০৭.০২.২০২৬ তাৰিখে অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ স্থায়ী সমিতিৰ ৮৩তম বৈঠকৰ সিদ্ধান্তসমূহ অনুমোদন কৰা হয়। একে সময়তে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প প্ৰস্তাৱো অনুমোদিত হয়। এইসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদী উপত্যকাৰ নদীভাঙন মূল্যায়ন, অৰুণাচল প্ৰদেশৰ জিয়াধল নদীৰ জৰীপ, ত্ৰিপুৰাত দিসিল্টিং আৰু স্লুইচ গেট নিৰ্মাণ, অসমৰ বৰাক নদীত বান আৰু ভাঙন নিয়ন্ত্ৰণ, মণিপুৰত স্থানীয় পুখুৰী উন্নয়ন, মাজুলী দ্বীপৰ সুৰক্ষা ব্যৱস্থা, স্বচ্ছতা কাৰ্যসূচী আৰু গুৱাহাটীৰ বশিষ্ঠা নদীৰ তীৰ উন্নয়ন আদি উল্লেখযোগ্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-image-2-2026-02-10-19-44-09.jpeg)
ইয়াৰ উপৰিও বৈঠকত ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বাজেট অনুমান আৰু বাৰ্ষিক কাৰ্য পৰিকল্পনাও অনুমোদন কৰা হয়। সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ আৰু মাষ্টাৰ প্লেন প্ৰস্তুতৰ মানদণ্ড পদ্ধতি (SoP) সন্দৰ্ভত সদস্যসকলক অৱগত কৰা হয়। লগচে, বৈঠকত ডিবাং–ডিচাং, নোৱা–দিহিং আৰু ৰঙিত—এই তিনিখন নতুন মাষ্টাৰ প্লেন অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়। ফলস্বৰূপে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ মাষ্টাৰ প্লেনৰ মুঠ সংখ্যা ৭৬ খনলৈ বৃদ্ধি পায়।
আনহাতে ৰাজ্য চৰকাৰসমূহৰ সদস্যসকলে বিগত ১২ ডিচেম্বৰত DoWR, RD আৰু GR সচিবৰ বৈঠক আৰু ১০ ডিচেম্বৰ তাৰিখে মাজুলী ভ্ৰমণৰ পাছত লোৱা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। লগতে নিজ নিজ ৰাজ্যত ৰূপায়িত আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰা হয়।
এই বৈঠকত অধ্যক্ষ ড° ৰণবীৰ সিঙে সমগ্ৰ অঞ্চলত দীৰ্ঘম্য়াদী আৰু ফলপ্ৰসূ জলজ সম্পদ ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নদী উপত্যকাৰ ৰাজ্যসমূহক সহায় আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ পৰৱৰ্তী অৰ্থাৎ ৮৮তম বৈঠক গুৱাহাটীত অনুষ্ঠিত হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us