কাছাৰৰ ডিগৰখালত ৮,৪০০ বটল কফ ছিৰাপ জব্দ

কাছাৰৰ ডিগৰখালত বুজন পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ জব্দ কৰা হৈছে। মেঘালয় সীমান্তত থকা ডিগৰখাল টোলগেটত নাকা চেকিঙৰ সময়ত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে এই কফছিৰাপখিনি।

author-image
Asomiya Pratidin
New Update
60

ডিজিটেল সংবাদ, শিলচৰ : কাছাৰৰ ডিগৰখালত বুজন পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ জব্দ কৰা হৈছে। মেঘালয় সীমান্তত থকা ডিগৰখাল টোলগেটত নাকা চেকিঙৰ সময়ত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে এই কফছিৰাপখিনি। 

Advertisment

গুৱাহাটীৰ পৰা মিজোৰাম অভিমুখী MZ 01 AD- 0355 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে ৫৬ কাৰ্টুন Vincof-Plus ব্ৰেণ্ডৰ কফ ছিৰাপ জব্দ কৰে। কাৰ্টুনকেইটাৰ পৰা মুঠ ৮,৪০০ বটল কফ ছিৰাপ জব্দ কৰা হয়।

জব্দকৃত কফ ছিৰাপৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। ইফালে, অবৈধ কফ ছিৰাপ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মিজোৰাম আইজলৰ দুজন ব্যক্তিক আটক কৰিছে। ধৃত ব্যক্তি দুজন লালছুয়ান ফেলা আৰু মেথিউ জনুন মাইয়া বুলি চিনাক্ত কৰা হৈছে।

কাছাৰ