প্ৰাপ্যৰ দাবীত প্ৰতিবাদত নামিছে ৰাজ্যৰ ৮২০০ কৰ্মচাৰী...

যুগ যুগ ধৰি সমগ্ৰ ৰাজ্যখনৰ সকলো উন্নয়নখণ্ডত  নিৰবিচ্ছিন্ন সেৱা আগবঢ়াই অহা এই ৮২০০ কৰ্মনিষ্ঠ ঠিকাভিত্তিত কৰ্মচাৰীৰ প্ৰতি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰহণ কৰি আহিছে প্ৰতাৰণামূলক দৃষ্টিভংগী ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্যতম প্ৰধান চালিকা শক্তি বিভাগটোৰ ঠিকাভিত্তিত কৰ্মচাৰী সকল। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিখন আঁচনিৰ সঠিক সফল ৰূপায়ণৰ লগতে পঞ্চায়ত সমূহ সুস্থ পৰিচালনাত এইসকল নিষ্ঠাবান কৰ্মচাৰীৰ অতুল্য অৱদান অনস্বীকাৰ্য ।

কিন্তু যুগ যুগ ধৰি সমগ্ৰ ৰাজ্যখনৰ সকলো উন্নয়নখণ্ডত  নিৰবিচ্ছিন্ন সেৱা আগবঢ়াই অহা এই ৮২০০ কৰ্মনিষ্ঠ ঠিকাভিত্তিত কৰ্মচাৰীৰ প্ৰতি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰহণ কৰি আহিছে প্ৰতাৰণামূলক দৃষ্টিভংগী ।

বিভাগটোৰ অন্য নিয়মীয়া কৰ্মচাৰী সকলৰ দৰেই এইসকল কৰ্মচাৰীয়েও সমানেই চৰকাৰী সেৱা আগবঢ়াই অহাৰ পাছতো প্ৰাপ্য প্ৰদানৰ ক্ষেত্ৰত প্ৰতিক্ষণে বঞ্চিত কৰি আহিছে । কৰ্মচাৰী সকলে এইক্ষেত্ৰত ভোগী অহা সীমাহীন অভাৱ সমস্যাৰ বিষয়ত বাৰম্বাৰ দাবী জনাই আহিছে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিত কৰ্মচাৰী পৰিষদে  ।কিন্তু গুৰুত্ব নাই বিভাগটোৰ মন্ত্ৰী আমোলাৰ ।

প্ৰধানকৈ এইসকল কৰ্মঠ ঠিকাভিত্তিত কৰ্মচাৰীয়ে লাভ কৰি অহা নূন্যতম বেতনৰ উপৰিও অতিকমেও ৩০ হাজাৰ টকাৰ এককালীন বেতন বৃদ্ধি কৰি  সম কামৰ সম মৰ্যাদা প্ৰদান কৰা,প্ৰতি বছৰে অতি কমেও ১০ শতাংশ বেতন স্থায়ী ভাবে  প্ৰয়োগ কৰা , দীৰ্ঘকালিন সেৱা আগবঢ়াই অহাৰ স্বীকৃতি হিচাবে ৬০বছৰলৈ চাকৰিৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু এইচ আৰ নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে কৰ্মচাৰী সকলৰ অধিকাৰ সুনিশ্চিত কৰা আদি দাবী উত্থাপন কৰি আহিছে ।

 কিন্তু এই দাবী সমূহ পূৰণৰ প্ৰতি কোনো গুৰুত্ব নাইবিভাগীয় মন্ত্ৰী আৰু ৰাজ্য  চৰকাৰৰ ।কৰ্মচাৰী সকলৰ  এটা স্পৰ্শকাতৰ বিষয়ৰ প্ৰতি এনে গুৰুত্বহীন আচৰণৰ  প্ৰতিবাদত বুধবাৰে সমগ্ৰ ৰাজ্য জুৰি শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্তকৰণত নামিছে কৰ্মচাৰী সকল ।

সেই অনুক্ৰমে ঢকুৱাখনা সমজিলাৰ ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়নখণ্ডৰো অৰ্ধশতাধিক কৰ্মচাৰীয়ে বুধবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ সাব্যস্ত কৰে প্ৰাপ্য বিচৰা গণতান্ত্ৰিক প্ৰতিবাদ।  ঘিলামৰা উন্নয়ন খণ্ডৰ ৩২ গৰাকী  ঠিকাভিত্তিত কৰ্মচাৰীয়ে বিভাগীয় কাৰ্য্যালয় সন্মুখত অৱস্থান কৰি হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড লৈ কৰ্মবিৰতিৰে নাৰ্য দাবী পূৰণৰ সংগ্ৰামত ব্ৰতী হয় ।

ঘিলামৰা খণ্ডৰ কৰ্মচাৰী পৰিষদৰ সভাপতি লীলা কান্ত চেতিয়া আৰু সম্পাদক গুণীন্দ্ৰ দেৱ গোস্বামীৰ নেতৃত্বত খণ্ডটোৰ সমূহ কৰ্মচাৰী একত্ৰিত হৈ সাব্যস্ত কৰা এই গণতান্ত্ৰিক প্ৰতিবাদৰ ফলত কাৰ্য্যালয়টোৰ লগতে ইয়াৰ অন্তৰ্গত সকলো পঞ্চায়ত কাৰ্য্যালয়ৰ স্বাভাৱিক কাম কাজ ব্যাহত হয় ।

উল্লেখযোগ্য যে, প্ৰাথমিক পৰ্য্যায়ত ৪ দিনৰ বাবে এই শান্তিপূৰ্ণ প্ৰতিবাদী  কাৰ্যসূচী গ্ৰহণ কৰা হৈছে পৰিষদৰ তৰফৰ পৰা । যদি এই শান্তিপূৰ্ণ প্ৰতিবাদৰ ভাষা চৰকাৰ বিভাগে নুবুজে তেন্তে পৰৱৰ্তী সময়ত অধিক তীব্রতৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ সম্ভাৱনা আছে।

ঢকুৱাখনা