/asomiyapratidin/media/media_files/2026/01/19/1-2026-01-19-11-46-10.jpg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত ভয়ানক সংঘৰ্ষ। এই সংঘৰ্ষত ভাৰতীয় সেনাৰ ৮ জন জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে। এই সংঘৰ্ষ কিষ্টৱাৰৰ সোণাৰৰ ঘন অৰণ্য অঞ্চলত সংঘটিত হয়। সংঘৰ্ষত আঘাতপ্ৰাপ্ত জোৱানসকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে- এই ভয়ানক সংঘৰ্ষৰ পাছতে সমগ্ৰ অঞ্চলটোত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰিছে। সেনাৰ ‘হোৱাইট নাইট কৰ্পছ’, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফ-এ যুটীয়াভাৱে দেওবাৰে এই অভিযান আৰম্ভ কৰিছিল। ইয়াৰ নাম ‘অপাৰেচন ত্ৰাশী-১’ৰাখিছিল।
/asomiyapratidin/media/post_attachments/indiatoday/images/story/202601/representative-image-142500140-16x9-614619.jpg?VersionId=nSWuK7nsEH5XLD_ni0j9uaBA1yKXR0sI&size=690:388)
শেহতীয়া তথ্য অনুসৰি, সন্ত্ৰাসবাদীৰ দলটো পাকিস্তান ভিত্তিক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদৰ সৈতে জড়িত থকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে। অভিযানৰ সময়ত জোৱানসকলে সন্ত্ৰাসবাদীৰ এটা দলক ঘেৰি ধৰিছিল। কিন্তু সেই সময়তে সন্ত্ৰাসবাদীয়ে অতৰ্কিতে সেনালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে, ইয়াৰ ফলত ৮ জন জোৱান আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৩ জন জোৱানৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বিমানযোগে লৈ যোৱা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us