/asomiyapratidin/media/media_files/2026/01/21/1-2026-01-21-14-28-28.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ২১ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে ধেমাজিৰ চিলাপথাৰস্থিত ক্ৰীয়া প্ৰকল্প আৰু ঢকুৱাখনাৰ মাতমৰাস্থিত বিষ্টুৰাম দলে ক্ৰীয়া প্ৰকল্পত অনুষ্ঠিত হৈছে ৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা। চূড়ান্ত পৰ্যায়ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ১২ টা ফুটবল দলে অংশ গ্ৰহণ কৰা ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ২১ জানুৱাৰীৰ প্ৰথম দিনটোতে তিনিখন খেল অনুষ্ঠিত হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-202-2026-01-21-14-25-50.jpeg)
ঢকুৱাখনাৰ মাতমৰা বিষ্টুৰাম ক্ৰীয়া প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত ৰাজস্থান দলে উত্তৰাখণ্ডক ৩ - ২ গ'লত পৰাস্ত কৰে ৷ বিষ্টুৰাম ক্ৰীয়া প্ৰকল্পতে বিয়লি ১.৩০ বজাত দ্বিতীয়খন খেল ৱেষ্ট বেংগল আৰু নগালেণ্ডৰ মাজত অনুষ্ঠিত হয় ৷ তৃতীয়খন খেল চিলাপথাৰ ক্ৰীয়া প্ৰকল্পত ঘৰুৱা দল অসম আৰু তামিলনাডুৰ মাজত অনুষ্ঠিত হয় ৷ পুৱা ১১.৪৫ বজাত চিলাপথাৰ ক্ৰীড়া প্ৰকল্পত হোৱা উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল, ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছা, বিধায়ক নৱ দলে, ভূৱন পেগুৱে অংশগ্ৰহণ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-2026-01-2026-01-21-14-26-54.jpeg)
উল্লেখ্য যে,ধেমাজিৰ চিলাপথাৰ আৰু ঢকুৱাখনাৰ মাতমৰাত অনুষ্ঠিত হোৱা ৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখনত ২৬৪ গৰাকী ফুটবল খেলুৱৈ, ৭২ গৰাকী প্ৰশিক্ষক, ৩১ গৰাকী মেচ অফিচিয়েল , ২০ গৰাকী ৰেফাৰী আৰু সৰ্ব ভাৰতীয় ফুটবল সন্থা তথা অসম ফুটবল সন্থাৰ বিষয়-ববীয়াসহ মুঠ ৪০০ গৰাকী ফুটবলৰ লগত জড়িত ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব।
/asomiyapratidin/media/post_attachments/2e660d16-eef.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us