/asomiyapratidin/media/media_files/2025/08/14/naga-14-2025-08-14-23-01-57.jpg)
ডিজিটেল সংবাদ বেকাজান: ''নগাসকল কোনো হেৰুওৱা জনগোষ্ঠী নহয়। নগাসকলৰ অনন্য ইতিহাস আৰু সাৰ্বভৌম অধিকাৰ আছে। নগাসকলে তেওঁলোকৰ অনন্য ইতিহাস আৰু সাৰ্বভৌমত্বৰ কাষত সদায় থিয় দিব। আমি ভাৰত বা ম্যানমাৰৰ পৰা একো দাবী নকৰো। কিন্তু আমি কেৱল দাবী কৰো যিটো আমাৰ বাবে সঠিক। আমাৰ অনন্য ইতিহাস, ভূখণ্ড আৰু সাৰ্বভৌমত্ব, আমাৰ জাতীয় পতাকা, আমাৰ সংবিধান (য়েহজাবো), আৰু সকলো নগা সংলগ্ন অঞ্চলৰ একত্ৰীকৰণ আলোচনাৰ অবিহনে নগা সমস্যাৰ সমাধান সম্ভৱ নহয়। ভাৰত আৰু ম্যানমাৰে যদি নগাৰ ইতিহাসক সন্মান কৰে,তেন্তে আমি তেওঁলোকৰ ইতিহাসক দহগুণ বেছি সন্মান কৰিম।''
এই মন্তব্য নগা বিদ্ৰোহী সংগঠন সাধাৰণ সম্পাদক তথা গৰ্ভমেণ্ট অৱ পিপলছ ৰিপাবলিক অৱ নাগালিমৰ প্ৰধানমন্ত্ৰী থুইংগালেং মুইভাৰ। আজি এন এছ চি এন আই এমৰ মুখ্য কাৰ্যালয় কেম্প হেব্ৰনত হোৱা ৭৯ সংখ্যক নগা স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে।
হেব্ৰনত উদযাপন কৰা ৭৯ সংখ্যক নগা স্বাধীনতা দিৱসত নগা জনসাধাৰণক উদ্দেশি মুইভাই কয়- এয়াই ইতিহাসৰ নিষ্ঠুৰ সত্য। আটাইতকৈ বেদনাদায়ক বিড়ম্বনাৰ কথাটো হ’ল যে নগা ৰাজনৈতিক আন্দোলনৰ ৭৯ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে আমি এতিয়াও যুঁজিব লগীয়া হৈছে।
ভাৰত-নগা সংঘাতক ৰাজনৈতিক সংঘাতক স্বীকৃতি দিয়াৰ বাবেই ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৱে ১৯৯৫ চনৰ ১২ জুনত ফ্ৰান্সৰ পেৰিছত তেওঁ এন এছ চি এন নেতৃত্বক কৈছিল- নগা সমস্যাৰ মই ৰাজনৈতিক সমাধানত বিশ্বাস কৰো। আমি ৰাজনৈতিক আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগিব।
এই বক্তব্যই অৱশেষত ৰাজনৈতিক আলোচনাৰ বাট মুকলি কৰি ১৯৯৭ চনৰ ২৫ জুলাইত এন এছ চি এন আৰু ভাৰত চৰকাৰৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। যুদ্ধ বিৰতি চুক্তিৰ ২৮ বছৰ আৰু ৭৮ বছৰ সশস্ত্ৰ সংগ্ৰামৰ পিছতো সংগ্ৰাম শেষ হোৱাৰ পৰা বহু দূৰত।