গোলাঘাটত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ছহিদ পৰিয়ালক সম্বৰ্ধনা

সমগ্ৰ দেশৰ লগতে আজি গোলাঘাটতো ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয়। এই অনুষ্ঠানতে কেইবাটাও ছহিদ পৰিয়ালক সম্বৰ্ধনা জনাই প্ৰশাসনে।

author-image
Asomiya Pratidin
New Update
গোলাঘাটত স্বাধীনতা দিৱস,ৰ কাৰ্যসূচীত ছহিদ পৰিয়ালক সম্বৰ্ধনা

ডিজিটেল সংবাদ গোলাঘাটঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি গোলাঘাটতো ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ গোলাঘাটৰ সমন্বয় খেলপথাৰত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে জিলাখনৰ আয়ুক্ত পুলক মহন্তই।

পতাকা উত্তোলন কাৰ্যসূচীত সহযোগ কৰে গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙে। এই অনুষ্ঠানত আয়ুক্তগৰাকীয়ে পতাকা উত্তোলন কৰি অসম চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ এক খাতিয়ান দাঙি ধৰে।

আৰক্ষী আৰু চি আৰ পি এফ বাহিনী, আৰু ছাত্ৰ-ছাত্ৰীয়ে পেৰেডেৰে অভিবাদন জনাই জিলা আয়ুক্তগৰাকীক৷ আজিৰ এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীতে আয়ুক্ত গৰাকীয়ে জিলাখনৰ কেইবাটাও ছহিদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত মহিলা, ছাত্ৰ-ছাত্ৰী আদিয়ে দেশু প্ৰেম গীতত নৃত্যও পৰিবেশন কৰে। 

স্বাধীনতা দিৱস