/asomiyapratidin/media/media_files/2025/08/14/hbs-14-2025-08-14-17-47-16.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে সমগ্ৰ দেশে পালন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে ইতিমধ্যে দেশবাসী সাজু হৈ উঠিছে। লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিব।
সেইদৰে অসমতো কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে খানাপাৰাত উদযাপন কৰিব স্বাধীনতা দিৱস। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত উদযাপন হবলগীয়া অসম চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব।
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মন্ত্ৰীসভাৰ আন আন মন্ত্ৰীসকলেও সেইদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰিব। জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দক্ষিণ শালমাৰাত, চন্দ্ৰ মোহন পাটোৱাৰীয়ে আমিন গাঁৱত, ডাঃ ৰণোজ পেগুৱে বিশ্বনাথ চাৰিআলিত কৰিব পতাকা উত্তোলন।
জয়ন্ত মল্ল বৰুৱাই নলবাৰীত, পীযুষ হাজৰীকাই মৰিগাঁৱত, নন্দিতা গাৰ্লোছাই বঙাইগাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰিব। মন্ত্ৰী বিমল বৰাই তিনিচুকীয়াত, ইউ জি ব্ৰহ্মই মুছলপুৰত, যোগেন মহনে চৰাইদেউত কৰিব পতাকা উত্তোলন।
একেদৰে অতুল বৰাই যোৰহাটত, কেশৱ মহন্তই নগাঁৱত, অজন্তা নেওগে শিৱসাগৰত, কৃষ্ণেন্দু পালে শ্ৰীভূমিত, অশোক সিংহলে শোণিতপুৰত, কৌশিক ৰায়ে শিলচৰত আৰু ৰূপেশ গোৱালাই লক্ষীপুৰত কৰিব পতাকা উত্তোলন। আনহাতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কোকৰাঝাৰ, গোবিন্দ বসুমতাৰীয়ে ওদালগুৰি, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফুত আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাই হাফলঙত কৰিব পতাকতা উত্তোলন।