/asomiyapratidin/media/media_files/2025/08/15/cm-hbs-2025-08-15-12-41-59.jpeg)
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ খানাপাৰৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক সম্বোধন কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে একাৰাহে পঞ্চমবাৰৰ বাবে ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ভাষণৰ আৰম্ভণিতে মহামানৱ মহাত্মা গান্ধীৰ লগতে প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীসকলক সোঁৱৰণ কৰে।
মহান স্বাধীনতা সংগ্ৰামী নবীন চন্দ্ৰ বৰদলৈয়ে লিখা দেশপ্ৰেমমূলক কবিতাও মুখ্যমন্ত্ৰীগৰাকীয়ে আওৰাই। তাৰ পাছতেই তেওঁ স্বৰাজোত্তৰ কালৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈক স্মৰণ কৰে। তেওঁ কয়, প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা অসমখনক আধুনিক আৰু বিকশিত ৰাজ্যৰূপে নিৰ্মাণৰ সপোন দেখিছিল। পূৱ বংগীয় পমুৱা মুছলমানৰ প্ৰৱজনে খিলঞ্জীয়াৰ মনত জন্ম দিয়া শংকাৰ পৰিপ্ৰেক্ষিতত বৰদলৈদেৱে থলুৱাৰ বাবে সুৰক্ষিত অসম নিৰ্মাণৰ বাবে কৰ্ম যজ্ঞত নামি পৰিছিল।
মাত্ৰ ৩ বছৰীয়া কাৰ্যকালত গোপীনাথ বৰদলৈদেৱে খিলঞ্জীয়াৰ জাতি, মাটি ভেঁটি সুৰক্ষিত কৰি আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পৰা এখন অসমৰ বীজ সিঁচিছিল। পৰৱৰ্তী সময়ত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ আধৰুৱা সপোন বাস্তৱায়িত কৰাৰ দায়িত্ব বিষ্ণুৰাম মেধি ডাঙৰীয়াই কান্ধ পাতি লৈ ৰূপায়ণৰ কৰ্মসূচী যুগুতাই তাক প্ৰতিফলিত কৰিছিল।
মুছলিম লীগৰ প্ৰত্যক্ষ উচতিনত পমুৱা মুছলমানে মাটি দখল কৰাৰ বিপৰতে দখলদাৰীসকলক উচ্ছেদ কৰিবলৈ মেধি ডাঙৰীয়াই অত্যন্ত দক্ষ্যতাৰে আইনগত ব্যৱস্থা হাতত লৈছিল। মেধি ডাঙৰীয়াৰ প্ৰস্তাৱ অনুসৰি থলুৱা জনজাতিয় লোকসকলক ৰক্ষণা বেক্ষণ দিয়াৰ বাবে অসম ভূমি ৰাজহ আইন সংশোধন কৰি গ্ৰেজিং ৰিজাৰ্ভৰ পৰাও বেদখলকাৰীক উচ্ছেদ কৰাৰ কাম হাতত লোৱা হৈছিল।
মই অত্যন্ত গৌৰৱ অনুভৱ কৰো ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আৰু লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দৰে আপোচবিহীন অসমীয়াই সুশুভিত কৰি যোৱা অসমৰ মুখ্যমন্ত্ৰীৰ গুৰুদায়িত্ব পালনৰ মই সুযোগ লাভ কৰিছো।
বন্দুকৰ শব্দত সূৰ্য উদয় হোৱা অসমত আমি শান্তিৰ কপৌ উৰুৱাইছো
নিৰ্বাচনৰ সময়ত আৰু চৰকাৰৰ গুৰুদায়িত্ব গ্ৰহণ কৰি অসমবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি নিজতে আত্মনিয়োগ কৰিছিলো। আজি তাৰ সফলতা সফল ৰূপত প্ৰকাশ পাইছে।
আমি অংগিকাৰ কৰিছিলো অসমক দেশৰ ৫ খন বিকশিত ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিম। একালত বন্দুকৰ শব্দত সূৰ্য উদয় হোৱা অসমত আমি শান্তিৰ কপৌ উৰুৱাইছো আৰু প্ৰগতিৰ ঢল বৈছে। খিলঞ্জীয়া অসমীয়া আৰু ভাৰতীয়ই নিজৰ মাটি, ভেঁটি আৰু অস্তিত্বৰ সংকটত আৰু কেতিয়াও ভূগিবলগীয়া নহয় তাক নিশ্চিত কৰাৰ আমি প্ৰতিশ্ৰুতি দিছিলো।
অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই ড০ শৰ্মাই কয়, মাননীয় শ্ৰী মোডী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই ব্ৰহ্মপুত্ৰৰ ওপৰত স্থলপথ আৰু ৰে’লপথৰ দেশৰ দীৰ্ঘতম বগীবিল দলং মুকলি হ’ল। দেশৰ দীৰ্ঘতম ফুলবাৰী দলঙৰ নিৰ্মাণৰ কাম চলি আছে।
মোডী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে স্বাধীনতাৰ বিগত ৭ দশকত ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন দলং হৈছিল। তাৰ বিপৰীতে তেখেতৰ কাৰ্যকালত ইতিমধ্যে ঢলা-শদিয়া, বগীবিল, শৰাইঘাট আৰু কলিয়াভোমোৰাৰ দ্বিতীয় দলং মুকলি হৈছে। সমান্তৰালভাৱে ফুলবাৰী দলঙৰ উপৰিও শৰাইঘাটত তৃতীয়খন স্থল আৰু ৰে’ল পথৰ দলং কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে।
গুৱাহাটী-উত্তৰ গুৱাহাটী দলং, পলাশবাৰী-শুৱালকুছি দলংৰ নিৰ্মাণ কাৰ্য ত্বৰাম্বিত হৈছে। যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কাম শীঘ্ৰেই পুনৰ আৰম্ভ হ’ব। নাৰেংগী আৰু কুৰুৱাৰ মাজৰ দলঙে আমাৰ যোগাযোগ ব্যৱস্থাক আৰু এক নতুন যুগলৈ লৈ যাব।
প্ৰধানমন্ত্ৰীৰ বদন্যতাত গুৱাহাটীত উত্তৰ পূবৰ প্ৰথমখন এইমছ মুকলি হৈছে। ২৭ হাজাৰ কোটি টকা ব্যয়ৰে জাগীৰোডত ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিছে। অহা কেইদিনমানৰ ভিতৰতে গুৱাহাটীত ৰিং ৰোড প্ৰকল্প আৰু কলিয়াবৰ-নুমলীগড় অংশত এলিভেটেড কৰিডৰ, চাৰিলেনৰ প্ৰকল্প তথা ১২ হাজাৰ কোটি টকা ব্যয়ৰে ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড়-গহপুৰ সংযোগী সুৰংগ পথৰ দৰে বহু অভিলাষী প্ৰকল্প ৰূপায়ণ দিশত আগবাঢ়িছে।
নুমলীগড়ত স্থাপন কৰা ভাৰতৰ প্ৰথম ২জি জৈৱ শোধানাগাৰে অসমৰ বাঁহ খেতিয়কসকলৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে। এই শোধানাগাৰে বছৰি প্ৰায় ৫ লাখ মেট্ৰিকটন বাঁহ ব্যৱহাৰ কৰি ৫০ হাজাৰ টন ইথানল আৰু ২৮ হাজাৰ টন ছাৰ্ফুৰেল, ১১ টন এছিটিক এচিড আৰু প্ৰায় ৫ মেগাৱট সৌৰ শক্তি উৎপাদন কৰিবলৈ সক্ষম হ’ব।
নামৰূপৰ সাৰ কাৰখানৰ নিৰ্মাণতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেউজ সংকেট দিছে। ৰে’ল যোগাযোগৰ ক্ষেত্ৰত ৰাজ্যত বৰ্তমানলৈ ১৫০০ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে। গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিমেনল অহা ডিচেম্বৰৰ ভিতৰত উদ্বোধন হ’ব। ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলীৰ মাজেৰে ভাৰত-বাংলাদেশ পথত মালবাহী জাহাজ চলাচল পুনৰ আৰম্ভ হৈছে।
অভিলেষ সৃষ্টি কৰি ২০২১ চনৰ পৰা আমাৰ চৰকাৰে প্ৰতিদিনে ১৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে। প্ৰতিদিনে প্ৰায় এখনকৈ দলঙৰ নিৰ্মাণ কৰা হৈছে। অসমমালা প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আঁচনিকে ধৰি বিভিন্ন প্ৰকল্পৰ জৰিয়তে ৰাজ্যত ৯৮৭৯ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে।
দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যত পৰিণত অসম
স্বাধীনতাৰ পিছৰ দশক বিলাকত ক্ৰমান্বয়ে নিশকটিয়া হ’বলৈ ধৰা অসমৰ অৰ্থনীতি আজি ঠন ধৰি উঠিছে। সম্প্ৰতি অসম দেশৰ তৃতীয় দ্ৰুততম বিকাশশীল ৰাজ্যলৈ পৰিণত হৈছে। থলুৱা উৎপাদনৰ ক্ষেত্ৰত অসমৰ জি এছ ডি পি ২০২০-২১ বৰ্ষৰ তুলনাত ১১৩ শতাংশ বৃদ্ধি হৈ ২০২৫-২৬ বৰ্ষত ৭.২৫ লাখ কোটি টকা হ’বগৈ।
মূলধনী ব্যয়ৰ ক্ষেত্ৰত ২০২১ চনত ১২ হাজাৰ কোটি টকাৰ তুলনাত ২০২৪ চনত ২০২৪-২৫ বৰ্ষত প্ৰায় দুগুণ বৃদ্ধি হৈ ২৬ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে।
১১ হাজাৰৰো অধিক উগ্ৰপন্থীক পুনৰ সংস্থাপন
চাৰি দশকৰ সন্ত্ৰাসজৰ্জৰ ভয়াৱহ পৰিবেশৰ অৱসানেৰে ৰাজ্যৰ প্ৰায়বোৰ উগ্ৰপন্থী গোটে সন্ত্ৰাসবাদ ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিছে। ২০২১ চনৰ পৰা এতিয়ালৈকে প্ৰায় ১১ হাজাৰৰো অধিক উগ্ৰপন্থী পুনৰ সংস্থাপন প্ৰদান কৰি মূল ধাৰাত সংযুক্ত কৰা হৈছে।
আলফা, আদিবাসী, ডিমাছা উগ্ৰপন্থীসকলৰ সৈতে শান্তি চুক্তি হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে অলপতে এই চুক্তি অনুসৰি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ৪০০০ কোটি টকা অনুমোদন জনাইছে।
উন্নত হৈছে ৰাজ্যৰ আভ্যন্তৰিণ শান্তি-শৃংখলা
সম্প্ৰতি ৰাজ্যখনত আভ্যন্তৰিণ শান্তি-শৃংখলা উল্লেখযোগ্যভাৱে উন্নত হৈছে। ২০২০ চনত ৰাজ্যত ১.২১ লাখ গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনৰ শেষলৈ এই সংখ্যা ৫০ হাজাৰলৈ হ্ৰাস পাইছে।
চাৰ্জশ্বীটৰ হাৰ ৪৭ শতাংশৰ পৰা ৬৭ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে দোষী সাব্যস্ত কৰাৰ হাৰ ৫.৫ শতাংশৰ পৰা ২২.৯ শতাংশলৈ বৃদ্ধি হৈছে। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত ২০২০ চনত ২৬ হাজাৰ ৩৫২ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনত পঞ্জীয়ন হোৱাৰ গোচৰ ৫৫৫৫ টালৈ হ্ৰাস পাইছে।
বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ ফলস্বৰূপে ৬৫০০ ৰো অধিক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ৯৫ শতাংশ গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে।
ৰাজ্যত নিৰ্মাণ হৈ শিক্ষা, সংস্কৃতি এক নতুন পৰিবেশ
যোৱা সময়ছোৱাত অসমৰ জাতি-উপজাতিৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ৰ এক অতি সুন্দৰ পৰিবেশ নিৰ্মাণ হৈছে। যিখন অসমত প্ৰতি দিনে ধনদাবী, বন্ধ, হৰতাল পথ অবৰোধৰ দৰে নিত্য নৈমত্তিক ঘটনা সংঘটিত হৈছিল, আজি আমি সেই ঘটনাসমূহক অতিতলৈ থেলি দিছো আৰু অসমত আন্দোলনমুক্ত পৰিবেশ নিৰ্মাণ কৰিছো।
ৰাজ্যত শিক্ষা, সংস্কৃতিৰ এক নতুন পৰিবেশ নিৰ্মাণ হৈছে। এখন আন্দোলনমুক্ত অসমত অসমৰ যুৱ শক্তিয়ে এখন নতুন অসমৰ স্বপ্ন দেখিবলৈ আৰম্ভ কৰিছে। আমি গৌৰৱ অনুভৱ কৰো নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতে ২০২৫ চনত বিশ্বৰ ভিতৰতে অসমক চতুৰ্থখন সৰ্বাধিক আকৰ্ষণীয় পৰ্যটকৰ ঠাই হিচাৰে চিহ্নীত কৰিছে।
১ লাখ ২১ হাজাৰ নিবনুৱাই লাভ কৰিলে চাকৰি
নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে এক নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। স্বাধীনতাৰ দিৱসৰ পবিত্ৰ জাতীয় পতাকাৰ তলত থিয় হৈ আমি আকৌ এবাৰ মনত পেলাম কংগ্ৰেছৰ শাসনকালত কিধৰণে চৰকাৰী চাকৰি নিলাম কৰা হৈছিল, দুৰ্নীতি আৰু স্বজনপ্ৰীতিৰ গহ্বৰত অসমৰ যুৱ শক্তিৰ সপোনবোৰক হত্যা কৰা হৈছিল।
আজি আমি সেই পৰিবেশ পৰিবৰ্তন কৰিলো। ১ লাখ ২১ হাজাৰ ২৪০ গৰাকী যুৱক-যুৱতীক যোৱা চাৰে চাৰি বছৰত স্বচ্ছতা আৰু সম্পূৰ্ণ নিকা পদ্ধতিৰে নিয়োগ কৰি আমি অসমৰ যুৱ-শক্তিৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছো। অহা ১০ অক্টোবৰৰ ভিতৰত আৰু কেইবা হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিত যোগদান কৰিব।
অসমীয়া জাতিৰ কৃষ্টি, সংস্কৃতি জীয়াই ৰাখিবলৈ আৰম্ভ ডাঙৰ যুদ্ধ
হীৰেণ ভট্টাচাৰ্যৰ দেশ বুলিলে আদেশ নালাগে শীৰ্ষক কবিতা আওৰাই তেওঁ কয়, সন্দেহযুক্ত লোকৰ আগ্ৰাসনৰ ফলত আজি আমাৰ ঘৰতে অসমীয়া জাতি নিথৰুৱা হবলৈ ধৰিছে। নামনি অসম আৰু মধ্য অসম আগ্ৰাসনৰ সম্পূৰ্ণৰূপে স্বীকাৰ হোৱাৰ পাছত এতিয়া এই অচিনাকী লোকসকলে উজনি অসম আৰু উত্তৰ অসমলৈ আগ্ৰাসী ভূমিকা আগবঢ়াই নিছে।
আমাৰ চৰকাৰখনে জাতি, মাটি, ভেঁটিৰ প্ৰতি, আমাৰ নিৰন্তৰ আস্থাক আমি স্বীকাৰ কৰি আমি অসমীয়া জাতিৰ কৃষ্টি, সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি এখন ডাঙৰ যুদ্ধ আৰম্ভ কৰিছো। যোৱা সময়ছোৱাত আমাৰ চৰকাৰে ১ লাখ ২০ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰি একপ্ৰকাৰে অভিলেখ সৃষ্টি কৰিছে।
স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো অসমৰ প্ৰতি টুকুৰা বন ভূমিৰ পৰা, গ্ৰেজিং লেণ্ডৰ পৰা, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা, চৰকাৰী ভূমিৰ পৰা এই অচিনাকী বেদখলকাৰীসকলক উচ্ছেদ কৰিম আৰু নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম।
অসমত আত্মপ্ৰকাশ কৰিছে কেইবাবিধো জেহাদে
অসমত কেইবাবিধ জেহাদে আত্মপ্ৰকাশ কৰিছে। লাভ জেহাদ, লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে। চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়ামঘাটলৈ, গৰুখুঁটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক প্ৰকাশ কৰিছো।
আজিৰ স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলৰ পৰা আমি সংকল্প লৈছো অসমৰ প্ৰতি টুকুৰা মাটি আমি অচিনাকী বেদখলকাৰীৰ পৰা মুক্ত নকাৰালৈকে ক্ষান্ত নহম। আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম।
বিধানসভাৰ আসন পুনৰ নিৰ্ধাৰণ, সত্ৰ ভূমিৰ বেদখলমুক্তকৰণে খিলঞ্জীয়াক সুৰক্ষিত কৰিছে
বিধানসভাৰ আসনসমূহ পুনৰ নিৰ্ধাৰণে আমাৰ বহু দশকলৈ অসমখনক খিলঞ্জীয়াৰ বাবে কৰি ৰাখিব। অসমৰ জাতীয় জীৱন, ভাষা তথা কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ ৰাজ্যৰ সত্ৰসমূহৰ অমূল্য ভূমিকা আছে।
সত্ৰভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছিলো। ঐতিহাসিক পবিত্ৰ বৰদুৱাৰ ঠানৰ পৰা বেদখলকাৰীক সম্পূৰ্ণভাৱে উচ্ছেদ কৰিছো।
আলিপুখুৰী, পাতেকিবাৰীৰ বেদখলকৃত ভূমি আৰু বঙাইগাঁৱৰ ৰঘুনাথ সত্ৰৰ প্ৰায় ২৪৫ বিঘা মাটিৰ ক্ষেত্ৰত আমি মীমাংসাত উপনীত হৈছো।বৰপেটা সত্ৰ আৰু পাটবাউসী আদি কৰি কেইবাটাও ৰাজহ চক্ৰৰ ভূমি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো।
খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অনুসুচীত জাতি, অন্যান্য পিছপৰা জাতি আৰু সাধাৰণ শ্ৰেণীৰ ৰাইজক আমি মিছন বসুন্ধৰাৰ জৰিয়তে আজি পৰ্যন্ত ২ লাখ ৩৮ হাজাৰ লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিছো। যোৱা চাৰিটা বছৰত অসমৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে।
চৰকাৰ আৰু ৰাইজৰ প্ৰচেষ্টাই অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। ৰাজ্য অন্যতম সংযোগী ভাষা বাংলা ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ ফলত দুয়োটা ভাষাৰ মাজত থকা সংঘৰ্ষৰ সামৰণি পৰিল আৰু দুয়োটা ভাষাৰ ক্ষেত্ৰত থকা স্বতন্ত্ৰতা স্বকীয়ভাৱে প্ৰকাশ পালে।
এন চি ই আৰ টিত স্থান লাভ কৰিছে অসমৰ বুৰঞ্জীয়ে
এন চি ই আৰ টিৰ পাঠ্যক্ৰমত অসমৰ বুৰঞ্জী সন্নিৱিষ্ট কৰি কেন্দ্ৰীয় চৰকাৰে অসমক সন্মানিত কৰিলে। মই অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিওঁ এন চি ই আৰ টিৰ পাঠ্যক্ৰমত যি দুই এটা শব্দৰ সংশোধনৰ প্ৰয়োজন আছে তাৰ বিষয়েও আমি কাম হাতত লম আৰু সেই সংশোধনীও আমি নিশ্চিতবাৱে সন্নিৱিষ্ট কৰিম।
অসমৰ মহান বীৰসকললৈ শ্ৰদ্ধা আৰু সন্মান
২০২২ চনত নতুন দিল্লীত বৃহৎ আয়োজনেৰে মহাবীৰ লাচিতৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উদযাপনে মহাবীৰ গৰাকীৰ শৌয্য, বীৰ্জৰ সৈতে দেশবাসীক পৰিচিত কৰিলে। লাচিতৰ স্মৃতি যাউতিযুগীয়া কৰিবলৈ আমাৰ চৰকাৰে যোৰহাটৰ হুলুঙাপৰত মহান বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে।
প্ৰাগজ্যোতিষপুৰৰ প্ৰৱল প্ৰৰাক্ৰমী বীৰ যুদ্ধা ভগদত্তৰ প্ৰতি দিছপুৰৰ পৰা খানাপাৰালৈ নিৰ্মাণ কৰা উৰণসেতুখনৰ নামকৰণ তেখেতৰ নামত উৎসৰ্গা কৰি তেওঁলৈ শ্ৰদ্ধা জনাইছো। নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ নিৰ্মাণ কৰি থকা উৰণ সেতুখনৰ নাম মহাৰাজ পৃথুৰ নামেৰে নামকৰণ কৰিবলৈ সিদ্ধান্ত লৈছো।
নালান্দা আৰু তক্ষশীলাক ধ্বংস কৰাৰ পিছত বখতিয়াৰ খিলজীয়ে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিল মহাৰাজ পৃথুৱে সেই বখতিয়াৰ খিলজীক হত্যা কৰি নালন্দা আৰু তক্ষশীলাৰ ধ্বংসৰ প্ৰতিশোধ লৈছিল। এই মহান অসমীয়া বীৰগৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ প্ৰক্ষেপ কৰা, আকৌ এবাৰ স্থাপন কৰা আমাৰ চৰকাৰৰে দায়িত্বভাৰো গ্ৰহণ কৰিছে।
মহাৰাজ পৃথুৰ সমান্তৰালভাৱে বঙাইগাঁৱত চিলাৰায়ৰ এক বিশাল প্ৰতিমূৰ্তি আৰু উজনি অসমত চুতীয়া ৰাজ্যৰ গৌৰৱী ৰাণী সতী সাধনীৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী, সমাজবাদী আৰু ৰাষ্ট্ৰবাদী গোলাপ বৰবৰাৰ ১০০ বছৰীয়া জন্মজয়ন্তী অহা ২৯ আগষ্টত আমি আয়োজন কৰিছো।
বিহু, ঝুমুৰৰ দৰে বাগৰুম্বাকো লৈ যোৱা হ’ব ৰাষ্ট্ৰীয় পৰ্যায়লৈ
বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ পিছত অহা ডিচেম্বৰ মাহত বাগৰুম্বাকো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা আৰম্ভ কৰিছো। জানুৱাৰী মাহত অসমৰ ভৌগলিক অখণ্ডতা আৰু অসমৰ বিকাশৰ যাত্ৰাক আৰু স্বৰ্ণমুখী কৰি আমাৰ ৰাজ্যৰ প্ৰায় ১ কোটি জনতাই একেদিনাই ‘’অ’ মোৰ আপোনাৰ দেশ’’ জাতীয় সংগীত পৰিবেশন কৰিব। তাৰো ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে হাতত লৈছে।
অসমত আৰম্ভ হৈছে উদ্যোগিক আন্দোলন
২৭ হাজাৰ কোটি টকা ব্যয়ৰে ৰাজ্যত আৰম্ভ হোৱা ছেমি কণ্ডাক্টৰ বিপ্লৱে আমাৰ ৰাজ্যখনক আধুনিক ভাৰত বৰ্ষ নিৰ্মাণৰ এক মহান যুদ্ধা হিচাপে প্ৰমাণ কৰিলে। পেপছি, কেম্পা কোলা আদিৰ দৰে বিখ্যাত প্ৰতিষ্ঠানসমূহে অসমত কাৰখানা আৰু উদ্যোগ স্থাপনেৰে অসমক উদ্যোগীকৰণৰ মেপত অসমক প্ৰতিষ্ঠিত কৰিলে।
অহা কেইবা মাহ মানৰ ভিতৰতে জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিনিয়োগক আৰু আগুৱাই লৈ গৈ অসমক আমি প্ৰায় ৪০ হাজাৰ কোটি টকা ব্যয়ৰে ৩ হাজাৰ ২০০ মেগাৱট বিদ্যুত উৎপাদনৰ বাবে আমি আগবাঢ়িছো। ইয়াৰ লগে লগে অসমে অকল অসমৰ চাহিদাই নহয়, উত্তৰ পূবৰ আন ৰাজ্যসমূহকো বিদ্যুৎ যোগান ধৰিব পাৰিব।
মেডিকেল শিক্ষাকে ধৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে অসম
অসমত যোৱা সময়ছোৱাত মেডিকেল কলেজৰ এখন সুন্দৰ জাল আমি নিৰ্মাণ কৰিছো। অসমত ১৪ খন মেডিকেল কলেজে স্বীকৃতি লাভ কৰাৰ পিছত আৰু ৯ খন মেডিকেল কলেজ নিৰ্মাণৰ পৰ্যায়ত অপেক্ষা কৰিছো।
আমাৰ ৰাজ্যত সৰ্বমুঠ ২৯ খন মেডিকেল কলেজ নিৰ্মাণৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। চিকিৎসা শিক্ষাৰ লগতে আমাৰ উচ্চ শিক্ষাৰ জগতখনো উৰ্বৰ হৈ উঠিছে।
২০১৪ চনত আমাৰ ৰাজ্যত ১০ খন বিশ্ববিদ্যালয় আছিল। ২০২১ চনত আমাৰ চৰকাৰ দিনত বিশ্ববিদ্যালয়ৰ সংখ্যা ১৬ খনলৈ বৃদ্ধি পাইছিল। অহা কেইটামান দিনত ৭ খন নতুন বিশ্ববিদ্যালয় নিৰ্মাণৰে আমি ৰাজ্যত বিশ্ববিদ্যালয়ৰ সংখ্যাও ২৩ খনলৈ বৃদ্ধি কৰিলো।
ৰাজ্যৰ প্ৰশাসনীয় সংস্কাৰক আগুৱাই লৈ গৈ আমি অসমত ৭৮ খন সম-জিলা নিৰ্মাণৰ কামত আগবাঢ়িছো। সেউজ শক্তিৰ এক উন্নত ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰিবলৈ আমাৰ ৰাজ্যত পাম ষ্টৰেজ প্ৰজেক্ট আৰু শ্ব’লাৰ প্ৰজেক্টৰ জৰিয়তে অসমক সেউজ শক্তিৰ ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো।
অসমৰ যুৱ শক্তিৰ বাবেই অসমত উদ্যোগীকৰণৰ প্ৰয়োজন
অসমৰ যুৱ শক্তি ভাৰতৰ বিভিন্ন ৰাজ্যত ৮ হাজাৰ টকাত চিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ বিভিন্ন ৰাজ্যলৈ যায়। অসমত উদ্যোগীকৰণ আদানী, আম্বানী টাটাৰ কাৰণে নালাগে।
অসমত উদ্যোগীকৰণ লাগে সেই লাখ লাখ যুৱক-যুৱতীক আমি যাতে অসমলৈ ঘূৰাই আনিব পাৰো। তেওঁলোকৰ পিতৃ-মাতৃত এডভাণ্টেজ আছামৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো। আমাৰ ৰাজ্যতো উদ্যোগ নিৰ্মাণ হ’ব।
সেই উদ্যোগৰ জৰিয়তে অসমৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যত কম টকাত, ৮ হাজাৰ টকাত চাকৰি কৰা যুৱ শক্তিসমূহক তেওঁলোকৰ পিতৃ-মাতৃৰ কাষলৈ উভতাই আনিম। সেই মাহন মন্ত্ৰকে শিৰোগত কৰি আমি অসমক উদ্যোগীকৰণৰ দিশে লৈ গৈছো।
কিছুমান ৰাইজে সমালোচনা কৰিব। কিন্তু সেইসকল ৰাইজৰ ল’ৰা-ছোৱালীয়ে বেংগালুৰুত গৈ চিকিউৰিটি গাৰ্ডৰ কাম কৰা নাই। আমাৰ লক্ষ্য সমাজত সুপ্ৰতিষ্ঠিত সেইসকল ব্যক্তিৰ বাবে কাম কৰা নহয়।
আমাৰ লক্ষ্য হ’ল সেইসকল আই-মাতৃৰ বাবে কাম কৰা যাৰ সন্তানে আজি এটা অনিশ্চিত ভৱিষ্যতৰ লগত খেলি হায়দৰাবাদ, কেৰালা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকত গৈ কম দামত চাকৰি কৰিছে।
আমি আজি মঙলদৈত দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছো। ছিংগাপুৰৰ ইনষ্টিটিউট অফ টেকনিকেল এড্যুকেশনৰ সহযোগত গুৱাহাটীত নৰ্থ ইষ্ট স্কীল চেণ্টাৰ স্থাপন কৰিছো।
টাটা টেকনলজীৰ লগত আমি সমাহিত হৈ ৩৪ খন পলিটেকনিক আৰু ৪৩ খন আই টি আই উৎকৃষ্টতাৰ কেন্দ্ৰলৈ, ইণ্ডাষ্ট্ৰী ৪.০ ৰ বাবে যুৱকসকলক প্ৰস্তুত কৰিবলৈ আমি এক মহান কেন্দ্ৰ নিৰ্মাণ কৰিছো। বিদেশী ভাষাৰ শিক্ষাৰ জৰিয়তে জাপান, কোৰিয়া, ছিংগাপুৰৰ দৰে দেশসমূত অসমীয়া যুৱক-যুৱতীক সংস্থাপনৰ বাবে আমি এক নতুন পথ মুকলি কৰিছো। নিযুত মইনাৰ দৰে আঁচনিয়ে ছাত্ৰীৰ মাজত শিক্ষাৰ প্ৰতি ধাউতি বঢ়াইছে। বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰকাণ্ড, প্ৰচণ্ড আন্দোলনত নিজেই নামি পৰিছে।