/asomiyapratidin/media/media_files/2025/08/15/bialshiparab-15-2025-08-15-14-08-27.jpg)
ডিজিটেল সংবাদ বিলাসীপাৰাঃ দেশ তথা ৰাজ্যৰ লগতে বিলাসীপাৰা সমজিলাত আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস বিভিন্ন বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে বিলাসীপাৰা সমজিলা প্ৰশাসনৰ উদ্যোগত বিলাসীপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত প্ৰায় ৫ হাজাৰ ৰাইজৰ উপস্থিতিত বিলাসীপাৰা সমজিলাৰ সম আয়ুক্ত ড০ প্ৰীতি লেখা ডেকাই আনুষ্ঠানিক ভাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰক্ষী আৰু এন.চি.চিৰ দ্বাৰা প্ৰদৰ্শিত কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে।
পতাকা উত্তোলন কৰি দিয়া ভাষণত আয়ুক্তগৰাকীয়ে উপস্থিত ৰাইজৰ প্ৰতি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তাৰোপৰি তেওঁ মুক্তি-যুজাৰু তথা ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু ভাৰতৰ অখণ্ডতাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
ভাষণ প্ৰসংগত আয়ুক্তগৰাকীয়ে বিলাসীপাৰা সমজিলাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনষ্ঠ বিভিন্ন বিভাগৰ উন্নয়ণমূলক আঁচনিসমূহৰ ৰূপায়ণৰ তথ্য ডাঙি ধৰে আৰু আঁচনিসমূহৰ বাকী চলি থকা কাম সঠিকভাবে সমাপন কৰাত বিলাসীপাৰাবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।
স্বাধীনতা দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰি আয়ুক্তগৰাকীয়ে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোককে একত্ৰিত হৈ ঐক্য-সম্প্ৰীতি অটুট ৰাখি স্বাধীন ভাৰতৰ একোজন দায়িত্বশীল নাগৰিক হিচাপে দেশৰ প্ৰগতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়।
উল্লেখ্য যে, স্বাধীনতা দিৱসৰ এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিলাসীপাৰা ৰাজহুৱা খেল পথাৰত উদযাপন হোৱা ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱা ৫-৩০ বজাত বিলাসীপাৰা চহৰ অঞ্চলত প্ৰভাত ফেৰী উলিওৱা হয়।
৬ বজাত তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা দেশ প্ৰেমমূলক গীত প্ৰচাৰ, ৭ বজাত নিজ নিজ বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ৭-৩০ বজাত চৰকাৰী-বেচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
পুৱা ৮ বজাত অঞ্চলটোৰ প্ৰতিমূৰ্তিসমূহত মাল্য অৰ্পণ, ৮-৩০ বজাত স্থানীয় ছহিদ বেদীত ছহিদ তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৯ বজাত ৰাজহুৱা খেল পথাৰত আয়ুক্তৰ দ্বাৰা আনুষ্ঠানিকভাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।
এই অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাৰ লগতে, আৰক্ষী, এন চি. চি. আদিয়ে বিভিন্ন কুচ-কাৱাজ প্ৰদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে তেওঁলোকৰ অভিবাদন গ্ৰহণ কৰে।
৯-৩০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংষ্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষে আয়োজিত প্ৰতিযোগিতাসমূহৰ ফলাফলো ইয়াতেই ঘোষণা কৰি বঁটা বিতৰণ কৰা হয়। বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলকো প্ৰশাসনৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
তাৰোপৰি অন্যান্য সাংস্কৃতিক কাৰ্য্যসূচী, ১১ বজাত বিলাসীপাৰা মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত অনাথ আশ্ৰম আৰু বিলাসীপাৰা চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ, আবেলি ১ বজাত বিলাসীপাৰা মহকুমাধিপতি একাদশ আৰু বিলাসীপাৰা জিলা ক্ৰীড়া সন্থা একাদশৰ মাজত প্ৰীতিমূলক ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
সন্ধিয়া ৫-৩০ বজাত ৰাষ্ট্ৰীয় পতাকা অৱনমন আৰু সামৰিক বাদ্যধ্বনি, সন্ধিয়া ৬-৩০ বজাত চৰকাৰী কাৰ্য্যালয়, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ঘৰে ঘৰে বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী পালন কৰা হ’ব।