আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস...

আজি দেশে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্ম বলিদানৰ ফচল এই স্বাধীনতা দিৱস। আজিৰ দিনটোতেই বৃটিছৰ পৰাধীনতাৰ শিকলি

author-image
Asomiya Pratidin
New Update
ujj

ডিজিটেল ডেস্কঃ আজি দেশে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্ম বলিদানৰ ফচল এই স্বাধীনতা দিৱস। আজিৰ দিনটোতেই বৃটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে ভাৰত মাতৃৰ বুকুত স্বাধীনতাৰ নিচান উৰুৱাইছিল।

বহু লোকে স্বাধীন ভাৰতৰ সপোন দেখি সৰ্বস্ব ত্যাগ কৰিছিল। সেয়ে আজি স্বাধীনতা দিৱস উপলক্ষে আমি জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল মনষীক সোঁৱৰিছো যাৰ চৰম ত্যাগ আৰু কষ্টৰ অমৃত ফল হিচাপে আমি আজি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ পাইছো।

ইফালে স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে লালকিল্লাত উপস্থিত হৈ কীৰ্তিচিহ্নৰ প্ৰাচীৰৰ পৰা ১২ সংখ্যক বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ১৫ আগষ্ট, স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীসমূহ। দেশৰ অন্য প্ৰান্তৰ দৰেই অসমতো অতি ব্যাপক ভাৱে উদযাপন কৰা হব ৭৮ সংখ্যক স্বাধীনতা দিৱস।

স্বাধীনতা দিৱস