যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

শনিবাৰে উদযাপন কৰা হয় যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
fssdddd

ডিজিটেল সংবাদ, যোৰহাটঃ শনিবাৰে উদযাপন কৰা হয় যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত মূল অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

Advertisment

কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠকে আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে,  কৃষকসকল এখন ৰাষ্ট্ৰৰ মুল চালিকা শক্তি। কৃষি আৰু কৃষকৰ উন্নতি মানেই ৰাষ্ট্ৰৰ উন্নতি সাধন হয়। সেয়ে কৃষকৰ বাবে সুযোগ সৃষ্টি কৰি দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ক্ষেত্ৰত ভিন্ন ভিন্ন ভূমিকা গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কৃষিক্ষেত্ৰই এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে কৃষিক্ষেত্ৰত বিনিয়োগৰ পৰিমাণো বৃদ্ধি পাইছে আৰু দেশৰ কৃষিক্ষেত্ৰ আগুৱাই গৈছে।

WhatsApp Image 2025-08-16 at 7.20.54 PM

দেশখনৰ কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়োৱা বৰঙণিৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰশংসা কৰি কয় যে, দেশৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ তথা কৃষি মহাবিদ্যালয়ৰ ভূমিকা অভূতপূৰ্ব। দেশে বিদেশে ইয়াত অধ্যয়নৰত শিক্ষাৰ্থী আৰু বিজ্ঞানী সকলে কৃষিৰ বাবে যথেষ্ট পৰিমাণে অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে। প্ৰসংগক্ৰমে মন্ত্ৰী গৰাকীয়ে কৃষি মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ সকলৰ নিয়মানুবৰ্তিতা আৰু শৃংখলাবদ্ধতাৰ শলাগ লয় আৰু উত্তৰোত্তৰ কামনা কৰে।

WhatsApp Image 2025-08-16 at 7.20.55 PM

আনহাতে, অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই বক্তব্যত অসম কৃষি বিশ্ববিদ্যালয়ে কৃষিৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা আৰু সফলতাৰ বিষয়ে আলোকপাত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাঁইয়ে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত অসম মহিলা আয়োগৰ উপাধ্যক্ষা বৰ্ণালী শইকীয়া বৰা, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰুসকল, সঞ্চালক আৰু সহযোগী সঞ্চালক সকলৰ লগতে মুৰব্বী অধ্যাপকসকল, গৱেষক বিজ্ঞানী সকল, কৰ্মচাৰী সকল, অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠকে। স্মৃতি তৰ্পণ কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। সন্ধিয়া মহাবিদ্যালয়ৰ চৌহদ আলোকিত কৰাৰ পাছত নিশা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

যোৰহাট