অৰ্থনৈতিক স্বাৰ্থপৰতাৰ প্ৰত্যাহ্বানৰ মাজতো ৭.৮ শতাংশ বৃদ্ধি ভাৰতৰ জিডিপিঃ নৰেন্দ্ৰ মোডী

চীন ভ্ৰমণৰ পৰা অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ কৰি অহা কেইবাটাও মন্তব্যৰ আওঁপকীয়াকৈ প্ৰত্যুত্তৰ দিছে।

author-image
Asomiya Pratidin
New Update
অৰ্থনৈতিক স্বাৰ্থপৰতাৰ প্ৰত্যাহ্বানৰ মাজতো ৭.৮ শতাংশ বৃদ্ধি ভাৰতৰ জিডিপিঃ নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্কঃ চীন ভ্ৰমণৰ পৰা অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ কৰি অহা কেইবাটাও মন্তব্যৰ আওঁপকীয়াকৈ প্ৰত্যুত্তৰ দিছে। দিল্লীত অনুষ্ঠিত হোৱা ছেমিকন ইণ্ডিয়া কনফাৰেন্সত অংশগ্ৰহণ কৰি তেওঁ ভাৰতীয় অৰ্থনীতিয়ে প্ৰতিটো প্ৰত্যাশা, পূৰ্বানুমানক অতিক্ৰম কৰিছে। অৰ্থনৈতিক স্বাৰ্থপৰতাৰ প্ৰত্যাহ্বানৰ মাজতো ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ৭.৮ শতাংশ হাৰত বৃদ্ধি পাইছে। 

তেওঁ কয়, বিশ্বৰ অৰ্থনীতিসমূহৰ মাজত উদ্বেগ আৰু প্ৰত্যাহ্বানৰ সময়ত অৰ্থনৈতিক স্বাৰ্থপৰায়ণতাৰ মাজেৰে পৰিচালিত হোৱাৰ সময়তো ভাৰতে অৰ্থনীতিত ৭.৮ শতাংশ বৃদ্ধিৰ হাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। মোডীৰ এই মন্তব্য যে, ড’নাল্ড ট্ৰাম্পৰ উদ্দেশ্যিয়েই আছিল সেয়া বুজিব পৰা গৈছে। 

উল্লেখ্য যে, ভাৰতৰ জিডিপি ৬.৫ শতাংশৰ অনুমানৰ বিপৰীতে ৭.৮ শতাংশ বৃদ্ধি পাইছে। যি যোৱা বছৰৰ তুলনাত ১.৩ শতাংশতকৈ অধিক। যোৱা বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুনত জিডিপিৰ বৃদ্ধিৰ হাৰ আছিল ৬.৫ শতাংশ। ২০২৫-২৬ৰ এই তিনিমাহৰ জিডিপিৰ বৃদ্ধি যোৱা পাঁচটা ত্ৰৈমাসিকৰ ভিতৰত সৰ্বাধিক। 

মোডীয়ে কয়, "এই বৃদ্ধি উৎপাদন, সেৱা, কৃষি আৰু নিৰ্মাণৰ দৰে সকলো খণ্ডত দেখা গৈছে। এই সকলো খণ্ডতে এক উৎসাহৰ পৰিৱেশ দেখা গৈছে।" তেওঁ আশা প্ৰকাশ কৰি কয় যে, অৰ্থনীতিৰ এনে বৃদ্ধিয়ে ভাৰতক অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিব।

ট্ৰাম্পে ভাৰতক মৃত অৰ্থনীতি বুলি উল্লেখ কৰা বিষয়টোৰ প্ৰত্যুত্তৰত মোডীয়ে কয়, "সেই দিন বেছি দূৰ নাই যেতিয়া বিশ্বই ক’ব: এয়া ভাৰতত ডিজাইন কৰা, ভাৰতত নিৰ্মাণ কৰা, বিশ্বৰ দ্বাৰা বিশ্বাসযোগ্য।"

উল্লেখ্য যে, যোৱা মাহত ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। তাৰ পিছত ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰাৰ বাবে অতিৰিক্ত ২৫ শতাংশ জৰিমণা হিচাপে মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। 

যোৱা জানুৱাৰীত ক্ষমতালৈ ঘূৰি অহা ট্ৰাম্পে নতুন দিল্লীৰ ওপৰত অভিযোগ উত্থাপন কৰি কৈছিল যে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ জৰিয়তে ভাৰতে ৰাছিয়াৰ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধক পৰোক্ষভাৱে সমৰ্থন কৰিছে।

সোমবাৰে ট্ৰাম্পে দাবী কৰিছিল যে, ভাৰতে আমেৰিকান সামগ্ৰীৰ ওপৰত শুল্ক শূন্যলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে। কিন্তু এতিয়া বহু পলম হৈ গৈছে। ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মৰ এটা পোষ্টত কয় যে,  "ভাৰতৰ সৈতে আমেৰিকাৰ ব্যৱসায় অতি কম, কিন্তু ভাৰতে আমেৰিকাৰ সৈতে প্ৰচুৰ পৰিমাণৰ ব্যৱসায় কৰে। এই সম্পৰ্ক এতিয়ালৈকে সম্পূৰ্ণৰূপে একপাক্ষিক আৰু দশক দশক ধৰি এনেকৈয়ে চলি আহিছে।" 

তেওঁ আৰু কয়, "ভাৰতে আমেৰিকাৰ ব্যৱসায়ৰ ওপৰত সৰ্বাধিক শুল্ক আৰোপ কৰিছিল, যাৰ ফলত আমেৰিকাৰ ব্যৱসায়ীয়ে ভাৰতত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে।"

ইফালে ভাৰতে আমেৰিকাই আৰোপ কৰা শুল্কক অন্যায়, অযুক্তিকৰ আৰু অগ্ৰহণযোগ্য বুলি উল্লেখ কৰিছে। বিগত মাহত বিদেশ মন্ত্ৰণালয়ে এক বিবৃতিত কৈছিল যে, আমেৰিকাই শেহতীয়াকৈ ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানিক লক্ষ্য কৰি শুল্ক আৰোপ কৰিছে। আমি আমাৰ স্থিতি স্পষ্ট কৰি দিছো। আমাৰ আমদানি বজাৰৰ কাৰকৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু আমাৰ লক্ষ্য হৈছে ভাৰতৰ ১৪০ কোটি জনতাৰ শক্তি সুৰক্ষাক নিশ্চিত কৰা।

জাপানৰ পিছতে চীন ভ্ৰমণ কৰি মোডীয়ে চেমিকন ইণ্ডিয়া-২০২৫ত ভাষণ দি ভাৰতৰ অৰ্থনৈতিক স্থিতিস্থাপকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে সাম্প্ৰতিক দ্বিপাক্ষিক বৈঠকে ভাৰতৰ "বিশেষ আৰু সুবিধাজনক" সম্পৰ্কক পুনৰ দৃঢ় কৰিছে।

ভাৰতৰ অৰ্থনীতিৰ এই স্থিতিস্থাপকতা আৰু মোডীৰ আত্মনিৰ্ভৰশীলতাৰ আহ্বানে দেশখনৰ গ্লোবেল ষ্টেণ্ডিংক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিকে দাঙি ধৰিছে। বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে ভাৰতে এই প্ৰত্যাহ্বানৰ মাজতো নিজৰ উচ্চাকাংক্ষা বৰ্তাই ৰাখিছে, আৰু মোডীৰ মতে, ভাৰতে অতি সোনকালে তৃতীয় বৃহত্তম অৰ্থনীতিৰ স্থান দখল কৰিব। 

জি ডি পি নৰেন্দ্ৰ মোডী