/asomiyapratidin/media/media_files/2025/11/17/whatsapp-image-2025-11-17-19-15-23.jpeg)
ডিডিটেল সংবাদ,বৰমাঃ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস জিডো নবেম্বৰৰ ৭৪ তম আৰু বাক্সা জিলাৰ অন্তৰ্গত বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ ৫৬ তম অধিৱেশন অনুষ্ঠিত হয়। ১৬ নবেম্বৰত বাটাছাৰাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।
উল্লেখ্য যে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়োই সঞ্চালনা কৰা আৰু বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক আৰু সহ সম্পাদক ক্ৰমে গণপতি সোৰাং বড়ো আৰু অমৰজ্যোতি বসুমতাৰীয়ে আঁত ধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বাক্সা জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি জেব্ৰা খুংগুৰ উজিৰে। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ আলাৰি ব্ৰহ্মই। আনপিনে অতিথি হিচাপে অংশগ্ৰহণ কৰে বাক্সা জিলা বড়ো সাহিত্য সভাৰ যুটীয়া সম্পাদক দুলাল স্বৰ্গীয়াৰী, অসম আৰক্ষী ইন্সপেক্টৰ অলংবাৰ বসুমতাৰী, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰশ্মি চৌধুৰী, বাক্সা জিলাৰ বড়ো সাহিত্য সভাৰ জিলা সদস্য কুল'ৰাম ব্ৰহ্ম, নেহৰু মিলন হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেন চন্দ্ৰ বড়ো, বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি -সাধাৰণ সম্পাদক ক্ৰমে শ্যামল বসুমতাৰী আৰু মহন্ত বড়ো, বৰমা গুদি বাথৌ বিয়াবৰ সভাপতি-সম্পাদকৰ লগতে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি-সম্পাদক সকল উপস্থিত থাকে ।
তাৰোপৰি পুৱাৰ ভাগত বড়ো সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়োই। শ্বহীদ আৰু মৃতক সকলৰ নামত পুষ্পাঞ্জলি অৰ্পণ আৰম্ভ কৰে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ উপ সভাপতি ক্ৰমে গুণা ৰাজা বসুমতাৰী, খ্ৰৌমসাৰ বসুমতাৰী আৰু ড০ আজোলি বসুমতাৰীয়ে । বৰমা মহাবিদ্যালয়ৰ অধ্যাপক ড০ সঞ্জয় বড়োয়ে উদ্ধোধন কৰা মুকলি সভাখনত স্মৃতিগ্ৰন্থ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ আজীৱন সদস্য নৰেন লাল বড়োই। গধুলি বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰী সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ উদ্ধোধন কৰে বিশিষ্ট কবি তথা ৰেডিঅ' কন্ঠ শিল্পী জগেন ৰামছিয়াৰীয়ে।
আনফালে কোকৰাঝাৰৰ অৰাংখি বাদ্য যন্ত্ৰ গোষ্ঠীৰ সহযোগত অঞ্চলৰ বহু ন-পুৰণি শিল্পী সকলে গীত-নৃত্য প্ৰদৰ্শন কৰে। বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰতিনিধি সভাত ২০২৫-২৮ বৰ্ষৰ বাবে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিত উমেশ চন্দ্ৰ বড়োক সভাপতি আৰু গণপতি সোৰাং বড়োক সম্পাদক হিচাপে লৈ ৯ জনীয়া সমিতি গঠন কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us