/asomiyapratidin/media/media_files/2025/08/24/gfgtg-2025-08-24-12-16-55.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ চাকৰি বজাৰে ২০২৫ৰ দ্বিতীয়াৰ্ধত শক্তিশালী গতি লাভ কৰিব বুলি অনুমান কৰা হৈছে। Naukri-ৰ শেহতীয়া হায়াৰিং আউতলুক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। বিভিন্ন খণ্ডৰ ১,৩০০তকৈও অধিক নিয়োগকর্তাৰ মতামত সংগ্ৰহ কৰা এই দ্বি-বার্ষিক সমীক্ষাত খৰচৰ চাপ আৰু কৰ্মী পৰিবৰ্তনৰ ভয় থাকিলেও নিয়োগ কার্যসূচী লৈ নিয়োগকর্তাসকল যথেষ্ট আশাবাদী বুলি উল্লেখ কৰা হৈছে।
এই প্ৰতিবেদন অনুসৰি, ২৯৪% নিয়োগকৰ্তাই ২০২৫ চনৰ H2ত নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। ইয়াৰে ৭২% য়ে নেট নতুন চাকৰি সৃষ্টিৰ আশা কৰিছে। আনহাতে ২২% নিয়োগকৰ্তাই কেৱল প্ৰতিস্থাপন নিযুক্তিৰ আশা কৰিছে। ইফালে, বিশ্বব্যাপী AIৰ বাবে চাকৰি হ্ৰাসৰ চৰ্চা চলি থাকিলেও ভাৰতীয় নিয়োগকর্তাসকলৰ দৃষ্টিভংগী অধিক ইতিবাচক। সমীক্ষা অনুসৰি, ৮৭% নিয়োগকর্তাই কয় যে AI চাকৰিৰ ক্ষেত্ৰত কোনো বৃহৎ বিঘ্ন ঘটাব নোৱাৰে। বৰং, ১৩% নিয়োগকর্তাৰ মতে AI নতুন সুযোগ সৃষ্টি কৰিব, বিশেষকৈ IT, এনালিটিক্স আৰু বাণিজ্য বিকাশ খণ্ডত।
আনহাতে, চাকৰি হেৰুৱাৰ চিন্তাই বিশ্বজুৰি আলোচনাৰ কাৰণ হলেও সমীক্ষাত অংশগ্ৰহণ কৰা ৮৭% ভাৰতীয় নিয়োগকৰ্তাই উল্লেখ কৰে যে, তেওঁলোকে এআইৰ বাবে বিশেষ ব্যাঘাতৰ আগজাননী পোৱা নাই। বৰঞ্চ ১৩% লোকে বিশ্বাস কৰে যে এআইয়ে নতুন সুযোগ সৃষ্টি কৰিব। বিশেষকৈ আই টি, বিশ্লেষণ, আৰু ব্যৱসায়িক বিকাশৰ ক্ষেত্ৰত নতুন পথ মুকলি কৰিব। প্ৰযুক্তিৰ ভূমিকা, বিশেষকৈ মেচিন লাৰ্নিং, ডাটা বিজ্ঞান আৰু এআই-চালিত প্ৰয়োগত এই চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰে ৩৭% নিয়োগকৰ্তাই তেওঁলোকৰ টেক কৰ্মশক্তি সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ইংগিত দিছে।