আফগানিস্তানত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু আৰু মহিলাকে ধৰি ৭১ জন লোকৰ মৃত্যু

আফগানিস্তানৰ পশ্চিম হেৰাট প্ৰদেশত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ৭১ জন লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত মহিলা আৰু পুৰুষৰ উপৰিও কমেও ১৭টা শিশু আৰু কিশোৰ আছে। 

author-image
Asomiya Pratidin
New Update
125

ডিজিটেল ডেস্ক : আফগানিস্তানৰ পশ্চিম হেৰাট প্ৰদেশত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ৭১ জন লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত মহিলা আৰু পুৰুষৰ উপৰিও কমেও ১৭টা শিশু আৰু কিশোৰ আছে। 

Advertisment

স্থানীয় সময় অনুসৰি মঙলবাৰে সন্ধিয়া গুজৰা চহৰ হেৰাটত এখন যাত্ৰীবাহী বাছে এখন মটৰ চাইকেল আৰু তাৰ পিছত এখন তেল ট্ৰাকৰ সংঘৰ্ষত সংঘটিত হয়। এই দুৰ্ঘটনা ইমানেই ভয়াৱহ যে, থিতাতে বহু লোক জ্বলি মৃত্যুমুখত পৰে। অৱশ্যে তিনিজন যাত্ৰীহে কোনো মতে ৰক্ষা পৰে।

এই সম্পৰ্কত আৰক্ষী বিষয়া মহম্মদ ইউছুফ ছাইদীয়ে কয় যে বাছখন ইৰাণৰ পৰা কাবুললৈ গৈ আছিল আৰু আটাইকেইজন যাত্ৰী আফগান নাগৰিক। তেওঁ কয় যে চালকৰ অসাৱধানতাই এই ভয়ংকৰ দুৰ্ঘটনাৰ মূল কাৰণ।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে দ্ৰুতবেগী বাছখনে প্ৰথমে মটৰ চাইকেলত খুন্দা মাৰে। কেইমিনিটমান পিছতে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ইন্ধনভৰ্তি ট্ৰাকত খুন্দা মাৰে। সংঘৰ্ষৰ লগে লগে ট্ৰাকখন বিস্ফোৰণ হোৱাৰ লগতে বাছখনলৈ জুই বিয়পি পৰে। 

ফলত ভিতৰত আবদ্ধ হৈ থকা অধিকাংশ যাত্ৰী জ্বলি মৃত্যুক সাৱটি লয়। মৃত লোকসকলৰ ভিতৰত আছে ট্ৰাক চালক, তেওঁৰ সহায়ক, মটৰ চাইকেল চালক আৰু যাত্ৰী। বাকী ৬৭ জন বাছ যাত্ৰী।

প্ৰণিধানযোগ্য যে, দুৰ্ঘটনাত নিহতসকলৰ অধিকাংশই আছিল শেহতীয়াকৈ ইৰাণৰ পৰা উভতি অহা আফগান শৰণাৰ্থী। ১৯৮০ চনত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ সামৰিক অভিযানৰ সময়ত লাখ লাখ আফগান লোকে চুবুৰীয়া ৰাষ্ট্ৰ ইৰাণত আশ্ৰয় লৈছিল। 

চলিত বৰ্ষৰ আৰম্ভণিতে ইৰাণ চৰকাৰে সেই শৰণাৰ্থীসকলক ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মতে, জানুৱাৰী মাহৰ পৰা প্ৰায় ১০.৬ লাখ আফগান শৰণাৰ্থী ইৰাণৰ পৰা নিজৰ দেশলৈ উভতি আহিছে।

আফগানিস্তান