কঠীয়াতলীত পাঁচখন বাহনসহ ৭০টা গৰু জব্দ

বৃহস্পতিবাৰে নিশা নগাঁও জিলাৰ কঠীয়াতলীত পাঁচখন বলেৰ’ বাহনসহ ৭০ টা চোৰাং গৰু জব্দ কৰে স্থানীয় লোকে ৷ জানিব পৰা মতে নগাঁৱৰ ৰূপহীৰ পৰা বাহনকেইখনে কঢ়িয়াই আনিছিল অবৈধভাৱে ৭০ টা গৰু ৷

author-image
Asomiya Pratidin
New Update
dg

ডিজিটেল সংবাদ, কামপুৰ : বৃহস্পতিবাৰে নিশা নগাঁও জিলাৰ কঠীয়াতলীত পাঁচখন বলেৰ’ বাহনসহ ৭০ টা চোৰাং গৰু জব্দ কৰে স্থানীয় লোকে ৷ জানিব পৰা মতে নগাঁৱৰ ৰূপহীৰ পৰা বাহনকেইখনে কঢ়িয়াই আনিছিল অবৈধভাৱে ৭০ টা গৰু ৷

Advertisment

কঠীয়াতলীত ভাৰতীয় গো- ৰক্ষা বাহিনী আৰু স্থানীয় ৰাইজে জব্দ কৰে অবৈধভাৱে অনা গৰুভৰ্তি বাহনকেইখন ৷ পাছত কঠীয়াতলী আৰক্ষী চকীত গতাই দিয়ে গৰুভৰ্তি বাহন কেইখন ৷

জব্দ কৰা বলেৰ' বাহন কেইখনৰ নম্বৰ ক্ৰমে- AS 01 TC 0242, AS O2 DC 3930, AS 12 CC 2986, AS01 SC 3996। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কাৰ্বিআংলং হৈ দৈনিক বাংলাদেশলৈ গোধন সৰবৰাহ হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

Kathiyatali