/asomiyapratidin/media/media_files/2025/09/02/248-2025-09-02-23-55-02.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ মঙলবাৰ আছিল অন্তিমটো দিন। আজি অন্তিম দিনটোত ওদালগুৰি জিলাৰ দহটা পৰিষদীয় সমষ্টিত মুঠ ৫১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। সোমবাৰে জিলাখনত ১৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছিল মনোনয়ন। এক কথাত জিলাখনৰ দহ সমষ্টিত মুঠ ৭০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে জানিবলৈ দিছে।
সেই উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ ৭গৰাকী প্ৰাৰ্থীয়ে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা এক বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।
উপস্থিত হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত ভাষণ প্ৰদান কৰি শইকীয়াই কয়, আজি তামুলপুৰ আৰু ওদালগুৰিত ত্ৰিশ-চল্লিশ হাজাৰ লোক মনোনয়ন দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ওদালগুৰি জিলাৰ সাতটা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। ইয়াৰে তিনিটা সমষ্টিৰ প্ৰাৰ্থীসকল পূৰ্ৱেও জিকি আহিছে।
আনহাতে আন চাৰিটা সমষ্টিত নতুনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাসকলকো এইবাৰ আমি জিকাব লাগিব। আমাৰ বেয়া লাগিছে যে আমি হৰিশিঙা, ধনশ্ৰী আৰু ৰৌতাত প্ৰাৰ্থী দিব পৰা নাই। কিন্তু আন সমষ্টিসমূহৰ ৰাইজে যিধৰণে সুবিধা পাব, একে সুবিধা উক্ত তিনিওটা সমষ্টিৰ জনসাধাৰণেও লাভ কৰিব। যোৱা চাৰে চাৰি বছৰত বিটিচিত যি শান্তি, উন্নয়ন দেখিছে, তাৰ মূলতঃ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
বিটিচিত ২৬ টা জনগোষ্ঠীৰ লোকে বাস কৰি আছে। চৰকাৰ গঠন হ'লে গোৰ্খা সম্প্ৰদায়ৰ পৰা মনোনীত পাৰিষদ আমি প্ৰদান কৰিম। বিটিচিৰ সকলো জনসাধাৰণৰ সমবিকাশ, সমমৰ্যাদা আৰু সমঅধিকাৰৰ বাবে বিজেপিয়ে যুজি আছে আৰু এই যুঁজত আমি জয়ী হ'ম। আমাৰ বাবে কোনো আপোন পৰ নহয়, সকলো বিটিচিৰ বাসিন্দা।
বিটিচিৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ খলনায়ক ভিচিডিচিত বিজেপি চৰকাৰ আহিলে নিৰ্বাচন অনুষ্ঠিত কৰিম। পঞ্চায়ত নিৰ্বাচনৰ দৰে বিটিচিত ভিচিডিচিৰ বাবেও ৰাইজে ভোট দিব পাৰিব। বিটিচিৰ কোনো ৰাজনৈতিক দলে মনোনয়নৰ সময়ত বিজেপিৰ দৰে মানুহ গোটাব পৰা নাই।
গতিকে আজিৰ পৰাই বিটিচিত বিজেপিৰ জয়ৰ ধাৰা আৰম্ভ হৈছে। আজিৰে পৰা বহুতে কব বিজেপিত গ'লে বিজেপিৰ হৈ ঘূৰিলে আমুক আঁচনি নিদিও, সেইটো আঁচনিৰ নাম কাটিম। কিন্তু সেয়া কৰিবলৈ কোনো মাইকালালৰ দম নাই।
ৰাজ্যত বিজেপিয়ে আঁচনি দিব আৰু আঁচনি দিয়াৰ ক্ষমতা বিজেপিৰ থাকিব। কোনোবাই টকা দিলে ল'ব কিন্তু ভোটটো বিজেপিক দিব। ইয়াৰ পিছত বিটিআৰত অঞ্জলি প্ৰভা দৈমাৰীৰ নেতৃত্বত নতুনকৈ জন্ম লাভ কৰা অল্টাৰনেটিভ পাৰ্টী অৱ বড়োলেণ্ডৰ চাৰিগৰাকী প্ৰাৰ্থীয়েও মনোনয়ন দাখিল কৰে।
মনোনয়ন দাখিলৰ সময়ত দলটোৰ সভানেত্ৰী অঞ্জলি প্ৰভা দৈমাৰীয়ে কয়, আমি নতুনকৈ গঠন হোৱা অল্টাৰনেটিভ পাৰ্টী অৱ বড়োলেণ্ডে ওদালগুৰি জিলাৰ চাৰিটাকৈ পৰিষদীয় সমষ্টি ক্ৰমে হৰিশিঙা, ভৈৰৱকুণ্ড, ধনশ্ৰী আৰু ৰৌতা সমষ্টিত প্ৰাৰ্থী দিছো। সেই উপলক্ষে আজি আমি চাৰিওগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ বাবে আহিছো।
ৰাইজে আমাৰ ওপৰত যি আশা-বিশ্বাস কৰিছে সেয়া দেখি আপ্লুত হৈছো। সেই বিশ্বাস দিঠকত পৰিণত কৰিবলৈ আমি দ্বায়বদ্ধ আৰু সেয়া দ্বায়িত্ব আমি ল'ম। আমাৰ ইচ্ছ্যু হৈছে পুৰণি, যিবোৰ আজিলৈ সমাধান নহ'ল।
আইনৰ অধীনত যি বিটিচি প্ৰদান কৰা হৈছিল সেয়া আজি ক্ষমতাহীন হৈছে। সেয়া আমি সঠিক ৰূপত আনিব লাগিব। আমাৰ লক্ষ্য হৈছে যুৱপ্ৰজন্ম আৰু মহিলা। আমি যুৱ প্ৰজন্মক লগত লৈ কাম কৰিবলৈ আগবাঢ়িছো।
যোৱা ২২ বছৰে সমাধান নোহোৱা ভূমিৰ সমস্যা স্থায়ীভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিম। ভূমি অবিহনে আমি বেলেগ বিষয় চিন্তা কৰিব নোৱাৰো। ৰাইজে বিটিচিত বিকল্প বিচাৰি ইটো সিটো দলত সোমাই আছিল। আমি নামটোৱেই বিকল্প হিচাপে আৰম্ভ কৰিলো।
ৰাইজে আমাক ইমানেই সঁহাৰি দিলে যে আমি ২৫ জনকৈ প্ৰাৰ্থী দিবলৈ বাধ্য হৈছো। ইফালে কাৰাবন্দী ভাতৃ ৰঞ্জন দৈমাৰী সন্দৰ্ভত মন্তব্য কৰি দৈমাৰীয়ে কয়, বিগত ২০২০ চনত ৰঞ্জন দৈমাৰীৰ নাম লৈ ভোট বিচাৰিছিল প্ৰমোদ বড়োৱে। তেওঁ প্ৰতিশ্ৰুতি দিছিল যে চৰকাৰ আহিলে ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তললৈ আনিম।
কিন্তু যোৱা পাঁচ বছৰে তেওঁ ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তললৈ আনিব নোৱাৰিলে নে নানিলে সেয়া আমি নাজানো। যিসকলে বড়ো আন্দোলনত ত্যাগ কৰিলে, যিসকল শ্বহীদ হ'ল, যিসকল ধৰ্ষিতা হ'ল, সেইসকল লোকক সন্মান কৰি আমি অল্টাৰনেটিভ পাৰ্টী অৱ বড়োলেণ্ডে গঠন কৰিছো।
আমাৰ উদ্দেশ্য নৱপ্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰা, বড়োলেণ্ডৰ বাবে যিসকলে সৰ্বোচ্ছ ত্যাগ কৰিলে তেওঁলোকৰ হৈ কাম কৰা। আগন্তুক নিৰ্বাচনত কিমান আসন পাব বা কিমানগৰাকী প্ৰাৰ্থী নিৰ্বাচিত হব সেয়া দাবী নকৰি ৰাইজৰ আগত এৰিলো বুলি মন্তব্য প্ৰকাশ কৰে দৈমাৰীয়ে।
আজি অন্তিমটো দিনা খৈৰাবাৰী সমষ্টিত পাঁচ গৰাকী, ভেৰগাওঁ সমষ্টিত ছয় গৰাকী, নোনাই ছেৰফাং সমষ্টিত চাৰি গৰাকী, খালিংদুৱাৰ সমষ্টিত পাঁচ গৰাকী, মুদৈবড়ীত সাত গৰাকী, হৰিশিঙাত চাৰিগৰাকী, ধনশ্ৰীত চাৰিগৰাকী, ভৈৰৱকুণ্ডত ছয় গৰাকী, পাঁচনৈ ছেৰফাঙত ছয়গৰাকী আৰু ৰৌতাত চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।