/asomiyapratidin/media/media_files/2026/02/14/124-2026-02-14-08-45-42.jpg)
ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বই আজি অর্থাৎ ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস ভেলেণ্টাইন দে’ উদযাপন কৰে যদিও, ভাৰতৰ বাবে আজিৰ দিনটো এক ‘ক’লা দিন’ হিচাপে পৰিচিত। ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আটাইতকৈ ভয়ংকৰ আক্ৰমণ য’ত ৪০ জন চিআৰপিএফ বীৰ জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছিল আজিৰ এই দিনটোতে।
উল্লেখ কৰা প্ৰয়োজন যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল পুলৱামা আক্ৰমণ। আজি এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই ৭টা বছৰ সম্পূৰ্ণ কৰিলে। ৭ বছৰ পূৰ্বে আজিৰ দিনটোতে দুৰ্ভাগ্যজনক ‘ক’লা দিৱস’ত, জম্মু-কাশ্মীৰৰ পুলৱামা চহৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ৪০ জন চিআৰপিএফ বীৰ শ্বহীদ হৈছিল। যি ঘটনা ৰাজহুৱা হোৱাৰ পাছতে সমগ্ৰ দেশ স্থবিৰ হৈ পৰিছিল।
এই আক্ৰমণ সন্ত্ৰাসবাদী সংগঠন জৈশ-ই-মহম্মদে সংঘটিত কৰিছিল। কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ ২,৫০০ তকৈও অধিক জোৱানে জম্মুৰ পৰা শ্ৰীনগৰলৈ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে ৭৮ খন বাহনৰ কনভয়ত যাত্ৰা কৰি থকা সময়ত আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us