জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগঃ CID ক অংগুষ্ঠ প্ৰদৰ্শন ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ...

ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সকলৰ এজনৰ বাহিৰে আন ৭ জনে এই পৰ্যন্ত চিআইডিৰ চমনৰ কোনো সঁহাৰি নিদিয়া বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সকলৰ এজনৰ বাহিৰে আন ৭ জনে এই পৰ্যন্ত চিআইডিৰ চমনৰ কোনো সঁহাৰি নিদিয়া বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰে। ড০ শৰ্মাই কয় যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গ সাগৰত সাঁতুৰি থকাৰ সময়ত য়টত উপস্থিত থকা ৰূপকমল কলিতাই এছ আই টিৰ চমনৰ সঁহাৰি দিছে।

ৰূপকমল কলিতা মঙলবাৰে গুৱাহাটীলৈ আহিব বুলি মন্তব্য মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আন সাতজনে তদন্তত সহায় কৰিবলৈ অসমলৈ অহা সন্দৰ্ভত একো কোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলৰ জৰিয়তে জনায়।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, আমি তেওঁলোকৰ ওপৰত অধিক হেঁচা প্ৰয়োগ কৰিম। তেওঁলোক যিমান সোনকালে আহিব, আমি তদন্ত শেষ কৰিব পাৰিম। আমি তেওঁলোকক আমাৰ সৈতে সহযোগিতা কৰিবলৈ প্ৰেৰণা দিম। এজন আহিলে বাকীবোৰেও তেওঁক অনুসৰণ কৰিব বুলি আমি বিশ্বাস ৰাখিছো।

লগতে তেওঁ কয় যে, অসম আৰক্ষীয়ে তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱাটো বাধ্যতামূলক নাছিল, কিয়নো মিউচুৱেল লিগেল এচিষ্টেন্স ট্ৰিটি (এমএলএটি)ৰ অধীনত ছিংগাপুৰ আৰক্ষীয়ে সংগ্ৰহ কৰা সকলো তথ্য-প্ৰমাণ আমাকো প্ৰদান কৰিব।

জুবিন গাৰ্গ