আফগান সীমান্তত আত্মঘাতী আক্ৰমণঃ নিহত ৭ পাকিস্তানী জোৱান...

পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি সীমান্তৰ পাক্তিকা প্রদেশত যোৱা নিশা চলোৱা বিমান আক্রমণত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  পাকিস্তান আৰু আফগানিস্তান সীমান্তত তীব্ৰ যুদ্ধৰ সূচনা হৈছে। আফগান সীমান্তৰ সমীপত সন্ত্রাসবাদীয়ে কৰা আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত হয়। পাকিস্তানৰ সুৰক্ষা বিষয়াই জনোৱা মতে উত্তৰ বাজিবিস্তানৰ এটা পাকিস্তানী সেনা শিবিৰত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণত এই জোৱানকেইজনৰ মৃত্যু হোৱাৰ লগতে কমেও ১৩ জন আহত হয়।

 বিষয়াগৰাকীয়ে কয় যে, এজন সন্ত্রাসবাদীয়ে বিস্ফোৰক সামগ্ৰীভর্তি এখন বাহনেৰে সেনা শিবিৰৰ চৌহদৰ বেৰত খুন্দা মাৰে। আন দুজনে শিবিৰত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়ত সেনাৰ গুলীত তেওঁলোকৰ মৃত্যু হয়।
ইপিনে পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি সীমান্তৰ পাক্তিকা প্রদেশত যোৱা নিশা চলোৱা বিমান আক্রমণত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়।

 দুয়োখন দেশৰ সীমান্তত যোৱা এসপ্তাহ ধৰি চলা সংঘৰ্ষত বহুসংখ্যক জোৱান আৰু নাগৰিকৰ মৃত্যু হোৱাৰ পাছত ৪৮ ঘণ্টাৰ যুদ্ধ বিৰতি ঘোষণা কৰা হৈছিল। তালিবানৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্রকাশ কৰা মতে পাকিস্তানে যুদ্ধ বিবতি ভংগ কৰি পাক্তিকা প্ৰদেশৰ তিনিটা স্থানত বোমা পেলায়। আফগানিস্তানে এই আক্ৰমণৰ প্রত্যুত্তৰ দিব বুলি বিষয়াগৰাকীয়ে প্রকাশ কৰে।

পাকিস্তানৰ আক্ৰমণত নিহতসকলৰ ভিতৰত কমেও তিনিগৰাকী স্থানীয় ক্রিকেট খেলুৱৈ আছিল বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে কয়, যে ইয়াৰ ফলত আফগানিস্তান, পাকিস্তান আৰু শ্রীলংকাৰ মাজত অহা মাহত হ'বলগীয়া ত্রিদেশীয় ক্রিকেট শৃংখলাত অংশগ্ৰহণৰ পৰা আফগানিস্তান বিৰত থাকিব। পাকিস্তানে যোৱা নিশা আফগানিস্তানৰ আগুন জিলাৰ খাণ্ডাৰ গাঁৱতো ড্রোনেৰে আক্রমণ চলায়।

আফগানিস্তান