অসমত শ্ৰমিক অধিকাৰ সুৰক্ষাৰ দাবীত ৭ শ্ৰমিক সংগঠনৰ ঐক্যবদ্ধ মঞ্চ গঠন

অসম মজুৰি শ্ৰমিক ইউনিয়ন আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ যুটীয়া উদ্যোগত দেওবাৰে গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত অনুষ্ঠিত হয় ৰাজ্যৰ ৭টা শ্ৰমিক সংগঠনৰ নেতৃত্ববৃন্দৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্বমূলক সভা।

author-image
Asomiya Pratidin
New Update
DSFRDEFEDFSEDDW

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমত শ্ৰমিকসকলৰ আইনগত আৰু সামাজিক অধিকাৰ সুৰক্ষাৰ দাবীত আৰু অসম চৰকাৰে শ্ৰমিকক শোষণ, বঞ্চনা তীব্ৰ কৰিবলৈ লোৱা সাম্প্ৰদায়িক-জনগোষ্ঠীগত বিভাজন নীতিক প্ৰতিহত কৰাৰ সংকল্প লৈ একত্ৰিত হ'ল সাতোখন শ্ৰমিক ইউনিয়ন। অসম বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ত শ্ৰমিকসকলৰ একত্ৰিত মঞ্চ‌ই আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 

উল্লেখযোগ্য যে, অসম মজুৰি শ্ৰমিক ইউনিয়ন আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ যুটীয়া উদ্যোগত দেওবাৰে গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত অনুষ্ঠিত হয় ৰাজ্যৰ ৭টা শ্ৰমিক সংগঠনৰ নেতৃত্ববৃন্দৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্বমূলক সভা। অসম মজুৰি শ্ৰমিক ইউনিয়ন, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন, অসম গ্ৰামীণ শ্ৰমিক সন্থা, অল আছাম কেব চালক সংঘ, বৰাক ভেলী অগ্ৰগামী নিৰ্মাণ শ্ৰমিক ইউনিয়ন, সদৌ অসম কৃষক মজদুৰ সংঘ আৰু ছেভেন ষ্টেটছ্ কেব অপাৰেটৰ্ছ ইউনিয়নৰ যৌথ সভাখনত প্ৰত্যেক সংগঠনৰ তিনিগৰাকীকৈ প্ৰতিনিধিক লৈ এখন প্ৰাদেশিক আহ্বায়ক সমিতি গঠন কৰা হয়।

সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক ফণীধৰ দাস, গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক  অৰূপ কুমাৰ মহন্ত আৰু অসম মজুৰি শ্ৰমিক ইউনিয়নৰ উপ সভাপতি ধৰিত্ৰী শৰ্মাক লৈ গঠিত সভাপতিমণ্ডলীৰ দ্বাৰা পৰিচালিত সভাৰ আৰম্ভণিতে অন্যতম আহ্বায়কৰূপে হৰকুমাৰ গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে, অসম চৰকাৰে যিদৰে নিৰ্মাণ শ্ৰমিকৰ অধিকাৰ আদায়ত বাধা আনি পঞ্জীয়ন পদ্ধতি তথা আইনবোৰ জটিল কৰিছে, কল্যাণ আঁচনিবোৰ কৰ্তন কৰিছে, পৰিবহণ শ্ৰমিকৰ ঘোষিত প্ৰকল্পকে ৰূপায়ন নকৰি পেলাই থৈছে, গিগ শ্ৰমিকসকলৰ ক্ষেত্ৰত ইতিমধ্যে ৰাজস্থান আৰু বিহাৰ চৰকাৰে কল্যান আঁচনি গ্ৰহণ কৰাৰ বিপৰীতে অসম চৰকাৰে শ্ৰমিকক বঞ্চিত কৰিবলৈহে যিদৰে তৎপৰ হৈছে, তাক ৰোধিবলৈ এতিয়া শ্ৰমিকসকলৰ একত্ৰিত আন্দোলন জৰুৰী হৈ পৰিছে। ধৰ্মীয় মেৰুকৰণেৰে  অসমৰ একনায়কত্ববাদী বিজেপি চৰকাৰে শ্ৰমিকসকলৰ আইনগত আৰু সামাজিক সুৰক্ষা খৰ্ব কৰাৰ লগতে সাম্প্ৰদায়িক আৰু জনগোষ্ঠীগত বিভাজনৰ কূটকৌশলেৰে শ্ৰমিকসকলৰ ঐক্য ভাঙিবলৈ উঠি পৰি লাগিছে।

যৌথ সভাখনত ইউনুছ হাজৰিকা, দেৱজিত চৌধুৰী, মাধৱ দাস, প্ৰণীতা কলিতা, মিহিৰ নন্দী, কনক গগৈ, যাদৱ কুমাৰ ইংতি, ধৰিত্ৰী শৰ্মা, ফণীধৰ দাস, অৰূপ কুমাৰ মহন্ত আদি নেতাই শ্ৰমিকৰ ঐক্য গঢ়াত গুৰুত্ব আৰোপ কৰি কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শ্ৰমিক বিৰোধী ফেচিষ্ট নীতিৰ ফলতে মেহনতী জনতাৰ জীৱন- জীৱিকা ভয়ংকৰ সংকটত পৰিছে।  কেইবাজনো বক্তাই কয়  যে চৰকাৰে কৰ্প'ৰেট গোষ্ঠীৰ স্বাৰ্থতে সস্তীয়া শ্ৰমিকৰ যোগান সহজ কৰিবলৈ অজস্ৰ শ্ৰমিক পৰিয়ালৰ ঘৰ-বাৰী ভাঙি উচ্ছেদ কৰিছে। তদুপৰি 'অচিনাকি' আখ্যা দি বহু শ্ৰমিকক চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাটোৱেই হৈছে বৰ্তমানৰ বিজেপি-আৰ এছ এছ চৰকাৰৰ অভিসন্ধি। এনে সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলোৱা উচ্ছেদৰ প্ৰতিবাদ কৰি বক্তা সকলে এনে ভয়ংকৰ অন্যায়ৰ বিৰুদ্ধে যৌথ শক্তি গঢ়াৰ প্ৰয়োজনীয়তা দোহাৰে। 

কেইবাজনো শ্ৰমিক নেতাই উল্লেখ কৰে যে, দীৰ্ঘ সংগ্ৰামৰ মাজেৰে লাভ কৰা আইনী সুবিধাখিনিৰ পৰা শ্ৰমিকসকলক বঞ্চিত কৰিবলৈকে চৰকাৰে ২৯ খন কল্যাণ আইনক ধোঁৱাচাঙত থৈ তাৰ সলনি ৪খন শ্ৰম সংহিতা কাৰ্যকৰী কৰিছে। নানা কল্যাণকামী আঁচনি বা প্ৰকল্প স্তব্ধ কৰি শ্ৰমিকসকলক প্ৰাপ্য বঞ্চিত কৰা হৈছে। ফলত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ শিক্ষা, চিকিৎসা, দুৰ্ঘটনা জনিত ক্ষতি আদিৰ ক্ষেত্ৰত চৰকাৰী দায়িত্ব অস্বীকাৰ কৰা হৈছে। এনে দুৰ্বিসহ অৱস্থাৰ পৰা ৰক্ষা পাবলৈ শ্ৰমিক সকলৰ ব্যাপক ঐক্যৰ প্ৰয়োজন জৰুৰী হৈছে। সভাই চৰকাৰৰ শ্ৰমিক বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সৰ্বাত্মক আন্দোলন গঢ়ি তুলিবলৈ সৰ্বসন্মত সিদ্ধান্ত লয়। লগতে যৌথ সভাখনে অসম বিধানসভাৰ অহা অধিবেশন কালতে আন্দোলন কাৰ্যসূচী নিৰ্দ্ধাৰণ কৰিবলৈ‌ আহ্বায়ক সমিতিক কৰ্তৃত্ব অৰ্পন কৰে।

শ্ৰমিক নিযুক্তি শ্ৰমিক