দিছপুৰত পালন হ'ব ভীমৰাও আম্বেদকাৰৰ ৬৯তম মহাপ্ৰয়াণ তিথি...

লোক নিৰ্মাণ বিভাগৰ দিছপুৰস্থিত সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে সংবিধান প্রণেতা, ভাৰতৰত্ন ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ ৬৯ তম মহাপ্ৰয়াণ তিথি পালন কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৯ ডিচেম্বৰ, ২০২৫ ত দেশৰ দলিত, আদিবাসী, অনুসূচিত জাতি-জনজাতিৰ অধিকাৰ আন্দোলনৰ জনক বাবাচাহেব ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ মহাপ্ৰয়াণ তিথি পালন কৰা হ’ব। আজি এক সংবাদমেলৰ জৰিয়তে এই কথা জনাই সমিতিৰ বিষয়ববীয়াই।

লোক নিৰ্মাণ বিভাগৰ দিছপুৰস্থিত সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে আম্বেদকাৰৰ ৬৯ তম মহাপ্ৰয়াণ তিথি পালনৰ আয়োজন কৰিছে। উক্ত কাৰ্যসূচীৰ সৈতে ৰজিতা খুৱাই ৬ ডিচেম্বৰৰ পুৱাই জিলাই জিলাই সংগঠনৰ পতাকা উত্তোলন কৰাৰ লগতে সন্ধিয়া ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যর্পণ আৰু বন্তি প্রজ্বলন কৰিব। 

WhatsApp Image 2025-12-02 at 2.00.08 PM

৭ আৰু ৮ ডিচেম্বৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমাৰ সংগঠনৰ বিভিন্ন সমিতিয়ে আম্বেদকাৰ বিষয়ত ৰচনা প্ৰতিযোগিতা আয়োজন কৰিব। ৯ ডিচেম্বৰত গুৱাহাটীত কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৯ ডিচেম্বৰৰ পুৱা ৮ বজাত অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাসে পতাকা উত্তোলন কৰিব৷

পুৱা ৯ বজাত ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যর্পণ আৰু বন্তি প্রজ্বলন কৰা হ’ব। বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰো প্রতিচ্ছবিত মাল্যার্পণ আৰু বন্তি প্রজ্বলন কৰা হ’ব। দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব মুকলি সভা৷

মুকলি সভাৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকিব চিন্তাবিদ, বিশিষ্ট বুদ্ধিজীৱী ময়ুৰ বৰা৷ মুকলি সভাতে ২০২৫ বৰ্ষৰ আম্বেদকাৰ বঁটা প্রদান কৰা হ’ব ৷ বঁটা প্ৰদান কৰা হ’ব অনুসূচিত জাতিৰ সন্তান সমাজকর্মী, জ্যেষ্ঠ জিলা পৰিবহণ বিষয়া হিমাংশু দাসক ৷ আম্বেদকাৰৰ ৬৯ তম মহাপ্ৰয়াণ তিথি পালনৰ এই কাৰ্যসূচীত অসমৰ কেইবাগৰাকী গণ্য-মান্য লোকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৷

WhatsApp Image 2025-12-02 at 2.00.08 PM (1)

তেওঁলোক ক্ৰমে- বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা, গণশিল্পী মহেন্দ্ৰ হাজৰিকা, সুৰকাৰ, কণ্ঠশিল্পী জেপি দাস, মনীষা হাজৰিকা, বিশিষ্ট অভিনেত্ৰী চেতনা দাস,মিনু বণিয়া, কণ্ঠশিল্পী মৌচুমী চহৰীয়া,বিশ্ব চেম্পিয়ন হিমা দাস,সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাস, অৱসৰপ্ৰাপ্ত আইপিএছ শ্যামল প্ৰসাদ শইকীয়া, কণ্ঠশিল্পী সংস্কৃতা মালাকাৰ।

উল্লেখযোগ্য যে, সংবিধান প্রণেতা, সমাজ সংস্কাৰক, দার্শনিক, বুৰঞ্জীবিগৰাকীৰ মহাপ্ৰয়াণ তিথিৰ কাৰ্যসূচীত সকলো প্ৰকাৰৰ ৰাইজক উপস্থিত থাকিবলৈ উদ্যোক্তা সমিতিয়ে আহ্বান জনায়।

ভীমৰাও ৰামজী আম্বেদকাৰ