৬,৯৫৭ কোটিৰ অভিলাষী প্রকল্পত কেন্দ্ৰৰ অনুমোদন..

কেৱল অসমেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰিব। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ উপহাৰৰ কথা উল্লেখ কৰিছে অসম প্রদেশ বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  ৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমবাসী ৰাইজলৈ আগবঢ়াইছে এক বৃহৎ উপহাৰ। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘদিনীয়া তৎপৰতা আৰু প্ৰধানমন্ত্ৰী মোডীৰ আন্তৰিক উদ্যোগত অসমে আজি এই বৃহৎ উপহাৰ পাবলৈ সক্ষম হৈছে।

ইয়ে কেৱল অসমেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰিব। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ উপহাৰৰ কথা উল্লেখ কৰিছে অসম প্রদেশ বিজেপিয়ে।

দলৰ মুখপাত্র কমল কুমাৰ মেধিয়ে বিবৃতিটোত কেন্দ্রীয় চৰকাৰৰ এই উন্নয়নমূলক অভিলাষী প্রকল্পৰ বিষয়ে উল্লেখ কৰি কয় যে, যোৱা ১১ টা বছৰে কেন্দ্ৰৰ এনডিএ চৰকাৰে “অষ্টলক্ষ্মী"ৰ হৃদপিণ্ড অসমখনক উন্নয়নৰ শিখৰত আৰোহণ কৰাইছে।

 কেন্দ্ৰীয় চৰকাৰৰ এই নতুন অভিলাষী প্রকল্পই কাজিৰঙাকে ধৰি উজনি আৰু মধ্য অসমৰ ৰাইজৰ বহু দিনীয়া সপোন পূৰণ কৰিব। উল্লেখ্য যে কেন্দ্ৰীয় কেবিনেটে দিয়া অনুমোদন অনুসৰি ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৮৫.৭ কিঃমিঃৰ ভিতৰত কাজিৰঙা অভয়াৰণ্য এলেকাৰ ৩৪.৫ কিঃমিঃ এলিভেটেড কৰিডৰ অৰ্থাৎ উৰণ সেতু নির্মাণ হ'ব।

 ফৰলেনযুক্ত এই ৮৫.৭ কিঃমিঃ পথৰ উপৰি বৰ্তমানে থকা ৩০.২২ কিঃমিঃ পথৰ উন্নয়ন হ'ব আৰু লগতে দুটা গ্রীনফিল্ড বাইপাছ নিৰ্মাণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বিষয়টোক গুৰুত্ব প্রদান কৰি ১১.৫ কিঃমিঃ দৈৰ্ঘ্যৰ জখলাবন্ধা বাইপাছ আৰু ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় খণ্ড উন্নীতকৰণ কৰা হ'ব।

কাজিৰঙাৰ পৰা যাতে কাৰ্বি আংলঙৰ পাৰ্বত্য এলেকালৈ জীৱ-জন্তুৰ নির্বিঘ্নে চাল-চলন সম্ভব হয় তাৰ বাবে ৩৪.৫ কিঃমিঃ উৰণ সেতু নিৰ্মাণৰ লগতে জীৱ-জন্তুৰ অনুকূল ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই এলিভেটেড কৰিডৰ অৰ্থাৎ উৰণ সেতু নিৰ্মাণৰ লগতে জখলাবন্ধা আৰু বোকাখাত বাইপাছ নিৰ্মাণৰ ফলত গুৱাহাটী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নুমলীগড়ৰ মাজত যাতায়াতৰ জটিলতা হ্রাস পাব বুলিও বিবৃতিটোত কোৱা হৈছে।

ইপিনে বোকাখাত বাইপাছৰ দৈর্ঘ্য হ'ব ৯.৫ কিঃমিঃ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ এই পথছোৱা নিৰ্মাণৰ বাবে ব্যয় হ'ব ৬,৯৫৭ কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি ইঞ্জিনীয়াৰিং, প্রকিউৰমেন্ট আৰু কনস্ট্রাকচন (ই পি চি) মডেলত এই অভিলাষী পথছোৱা নিৰ্মাণ হ'ব।

আনহাতে এই প্রকল্প ৰূপায়ণৰ ফলত প্রত্যক্ষভাবে ১৫.৪২ লাখ কর্মদিন আৰু পৰোক্ষভাৱে ১৯.১৯ লাখ কৰ্মদিন সৃষ্টি হব। চৰকাৰী তথ্যমতে এই পথেৰে দৈনিক ১৩,৮০০ সৰু গাড়ী চলাচল কৰে। কলিয়াবৰ-জখলাবন্ধাৰ মাজত ফৰলেনযুক্ত পথ উন্নীতকৰণৰ লগে লগে ই সংযুক্ত হব ১২৭ ৰাষ্ট্ৰীয় পথ, ১২৯ ৰাষ্ট্ৰীয় পথ আৰু ৩৫ নং ৰাজ্যিক ৰাষ্ট্ৰীয় পথৰ সৈতে।

ফৰলেনযুক্ত কলিয়াবৰ-নুমলীগড়ৰ নিৰ্মাণত নিৰ্ধাৰিত ৬,৯৫৭ কোটি টকাৰ ৪,৮২৯ কোটি টকা ব্যয় হ'ব নির্মাণত, ৬২২ কোটি টকা ভূমি অধিগ্রহণত ব্যয় হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। বিবৃতিটোত অসম প্রদেশ বিজেপিয়ে এই অভিলাষী প্রকল্পৰ অনুমোদন দিয়া বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে এনডিএ চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে।

কাজিৰঙা